৪ মাহে ঘৰতে আবদ্ধ কৰি ৰখা দুষ্প্ৰাপ্য ভালুক উদ্ধাৰ বন বিভাগৰ

৪ মাহে ঘৰতে আবদ্ধ কৰি ৰখা দুষ্প্ৰাপ্য ভালুক উদ্ধাৰ বন বিভাগৰ

September 18, 2020 0 By NEWS DESK

অসম-মেঘালয় সীমান্তত দুষ্প্ৰাপ্য বন্য জীৱ জন্তুৰ চিকাৰ কােনাে নতুন কথা নহয়।

বিশেষকৈ মেঘালয়ৰ একাংশ চিকাৰীয়ে বিনা বাধাই হত্যা কৰি আহিছে অঞ্চলটােৰ বনাঞ্চলত বসবাস কৰা দুষ্প্ৰাপ্য জীৱকুলক।

ইপিনে, একাংশ লােকে বনাঞ্চলত শিশু অৱস্থাত পােৱা হৰিণ, ভালুকৰ দৰে বন্যজন্তু আনক বিক্ৰী কৰা নাইবা নিজে ঘৰলৈ লৈ আহি পােহপাল কৰা ঘটনাও সাধাৰণ এই অঞ্চলবােৰত।

বন বিভাগে গােপন খবৰৰ ভিত্তিত এজন লােকৰ ঘৰৰ পৰা ৪ মাহে অবৈধভাৱে আবদ্ধ কৰি ৰখা এটা ভালুক উদ্ধাৰ কৰে।

বন বিভাগৰ জিম্মাত ভালুকটাে

কৃষ্ণাইৰ তৰেংথপ খেৰবাৰীত দিলসিং মাৰাক নামৰ লোকজনৰ গৃহত ভালুকটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী বন বিভাগৰ দলটােৱে।

জানিব পৰা মতে, এই লোকজনে আনৰ পৰা ক্ৰয় কৰি নিজ গৃহতে পোহপাল দি আছিল এই ভালুকটাে ৷

ভালুকটোৰ অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণৰ বাবে যাৱতীয় ব্যৱস্থা হাতত লৈছে বন বিভাগে।