৫০ বছৰ বিৰোধীৰ আসনতে থাকিব কংগ্ৰেছঃ গােলাম নবী আজাদ

৫০ বছৰ বিৰোধীৰ আসনতে থাকিব কংগ্ৰেছঃ গােলাম নবী আজাদ

August 29, 2020 0 By NEWS DESK

বিগত দুটাকৈ লােকসভা নিৰ্বাচনত মুখথেকেচা খােৱা কংগ্ৰেছ দলত ক্ৰমাৎ তীব্ৰতৰ হৈছে নেতৃত্বকেন্দ্ৰিক সংঘাত।

কংগ্ৰেছ ৱ’ৰ্কিং কমিটিৰ নিৰ্বাচনৰ দাবীৰে শেহতীয়াকৈ সৃষ্টি হােৱা শীৰ্ষ নেতৃত্বৰ সংঘাতৰ বহিঃপ্ৰকাশ ঘটিছে।

কংগ্ৰেছ নেতৃত্বৰ সাল-সলনি বিচাৰি দলটোৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছ’নীয়া গান্ধীলৈ পত্ৰ লিখা ২৩ গৰাকী নেতাৰ অন্যতম গোলাম নবী আজাদে শেহতীয়াকৈ মন্তব্য কৰিছে যে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ নিৰ্বাচন যিসকলে বিচৰা নাই তেওঁলোকে দৰাচলতে দলত নিজৰ স্থান হেৰুৱাব বুলি শংকিত।

আজাদে লগতেএই বুলিও কয় যে যদি ৱৰ্কিং কমিটীৰ নিৰ্বাচন অনুষ্ঠিত নহয় তেন্তে দলটোৱে আগন্তুক ৫০ বচৰলৈ বিৰোধীৰ আসনতে থাকিব লাগিব।

নিৰ্বাচন অবিহনে নিযুক্তি দিয়া নেতৃত্বৰ প্ৰতি এক শতাংশৰো সমৰ্থন নাথাকিব পাৰে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।