৫০ শতাংশ নহয়, এতিয়াৰে পৰা ১০০শতাংশ যাত্ৰীৰে চলিব সকলো বাছ !

৫০ শতাংশ নহয়, এতিয়াৰে পৰা ১০০শতাংশ যাত্ৰীৰে চলিব সকলো বাছ !

October 8, 2020 0 By NEWS DESK

শুকুৰবাৰৰ পৰা প্ৰত্যাহাৰ হ’ব পাৰে ‘চকাবন্ধ’।

ৰাজ্যৰ পৰিবহন বিভাগৰ কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশ।

৫০ শতাংশ নহয়, এতিয়াৰে পৰা ১০০শতাংশ যাত্ৰীৰে চলিব সকলো বাছ।

লগতে ৰাজ্যবাসীৰ বাবে ভাল খবৰ যে, বৃদ্ধি নহয় বাছৰ ভাড়া।

১০০শতাংশ যাত্ৰী কঢ়িওৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে যদিও কোনো যাত্ৰী থিয় হৈ যাব নোৱাৰিব বাছত।

যাত্ৰাৰ সয়ত সকলো যাত্ৰীয়ে পিন্ধিব লাগিব মাস্ক, বাহনত থাকিব লাগিব ছেনিটাইজাৰৰ সুবিধা।

প্ৰতিটো যাত্ৰা সমাপনৰ পিছতে সম্পূৰ্ণ ছেনিটাইড কৰিব লাগিব বাহন।

বাছৰ কৰ্মচাৰী আৰু চালকে পিন্ধিব লাগিব মাস্ক।

উল্লেখ্য যে, চৰকাৰৰ এই সিদ্ধান্তৰ পাছত শুকুৰবাৰৰে পৰা সদৌ অসম মটৰ পৰিবহন সন্থাই তেওঁলোকৰ প্ৰতিবাদ প্ৰত্যাহাৰ কৰাৰো সম্ভাৱনা আছে।