৫੦ ফুট গভীৰ কুঁৱাত পৰিল বনৰীয়া হাতী, অব্যাহত উদ্ধাৰ অভিযান

৫੦ ফুট গভীৰ কুঁৱাত পৰিল বনৰীয়া হাতী, অব্যাহত উদ্ধাৰ অভিযান

November 19, 2020 0 By NEWS DESK

নিউজ ডেস্ক। জনাঞ্চলত প্ৰৱেশ কৰি পুনৰ সংকটত পৰিল গজৰাজ! জাকৰ পৰা বিচ্ছিন্ন হৈ সােমাল ৫੦ ফুট গভীৰ কুঁৱাত।

এই অভাৱনীয় ঘটনা সংঘটিত হৈছে তামিলনাডুত।

তামিলনাডুৰ ধৰ্মপুৰী জিলাৰ পালাকােড নামৰ ঠাইত সংঘটিত হৈছে এই ঘটনা।

ঘটনাস্থলীত ভিডিঅ’ চাওকঃ

উল্লেখ্য যে ঘটনাৰ খবৰ লাভ কৰাৰ পাছত বন বিভাগ তথা আৰক্ষীৰ লােক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

বন বিভাগে প্ৰকাশ কৰা মতে, ২৫-৩੦ বছৰীয়া এই হাতী বৰ্তমানেও সক্ৰিয় আৰু সুস্থ অৱস্থাত থকা বুলি অনুমান কৰা হৈছে।

বৃহস্পতিবাৰে পুৱাৰে পৰা হাতীটােক উদ্ধাৰ কৰিবলৈ দুটা ক্ৰেনৰ জৰিয়তে প্ৰচেষ্টা অব্যাহত ৰাখিছে বন বিভাগৰ উদ্ধাৰকাৰী দলে।

ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত শ শ লােকে ভিৰ কৰা পৰিলক্ষিত হৈছে।