Site icon NEWS8 NE

৫੦ হাজাৰ টকাৰ উৎকোচ লৈ CBI ৰ হাতত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক, তালাচীত জব্দ নগদ ১.১২ কােটি টকা

নিউজ ডেস্ক। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআইয়ে উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীৰ এজন উপ-পৰিদৰ্শকক।

বুধবাৰে ৫০,০০০ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়ত চিবিআইৰ বিষয়াই ধৰা পেলাইছিল তেওঁক।

পৰৱৰ্তী সময়ত অনুসন্ধানত উপ-পৰিদৰ্শকজনৰ গাড়ী আৰু বাসগৃহৰ পৰা নগদ ১.১২ কোটি টকা উদ্ধাৰ কৰে চিবিআইয়ে।

উপ-পৰিদৰ্শকজনক ভোজৰাজ সিং বুলি জানিব পৰা যায়। তেওঁ দিল্লীৰ ময়দান গড়ী আৰক্ষী থানাত নিযুক্ত।

খবৰ অনুসৰি, উপ-পৰিদৰ্শকজনে গোচৰ নিষ্পত্তিৰ বাবে এজন লোকৰ পৰা ৫ লাখ টকা দাবী কৰিছিল।

পৰৱৰ্তী সময়ত ময়দান গড়ী আৰক্ষী থানাত পঞ্জীয়ন কৰা এটা গোচৰত লোকজন আৰু তেওঁৰ বন্ধুক সহায় কৰিবলৈ উপ-পৰিদৰ্শকজনে আৰু দুই লাখ টকা দাবী কৰিছিল।

ইয়াৰোপৰি তেওঁলোকৰ জামিন আবেদনৰ বিৰোধিতা নকৰাৰ বাবেও উৎকোচ দাবী কৰিছিল।

সেয়েহে লোকজনে উৎকোচ বিচৰা সন্দৰ্ভত চিবিআইৰ কাষ চাপে আৰু গোচৰ দাখিল কৰে। সেই অনুসৰি চিবিআইৰ পৰামৰ্শ অনুসৰি অভিযোগকাৰীয়ে প্ৰথম কিস্তি হিচাপে ৫০,০০০ টকাৰ উৎকোচ দিয়ে পৰিদৰ্শকজনক। আৰু উৎকোচ লওঁতেই তেওঁক গ্ৰেপ্তাৰ কৰে চিবিআইয়ে।

চিবিআইয়ে কয়, “চিবিআইয়ে অভিযোগ পোৱাৰ পিছতেই জাল প্ৰস্তুত কৰিছিল আৰু অভিযোগকাৰীৰ পৰা ৫০,০০০ টকাৰ উৎকোচ দাবী আৰু গ্ৰহণ কৰাৰ সময়ত উপ-পৰিদৰ্শকজনক হাতে লুটে ধৰা হৈছিল। অভিযুক্তজনৰ চৌহদত তালাচী চলোৱা হৈছিল। য’ত তেওঁৰ গাড়ীৰ পৰা প্ৰায় ৫,৪৭,৩৫০ টকাৰ নগদ ধন উদ্ধাৰ কৰা হৈছিল। তেওঁৰ বাসগৃহৰ পৰা ১.০৭ কোটি টকা আৰু কিছুমান নথিপত্ৰও উদ্ধাৰ কৰা হয়।”

উল্লেখ্য যে গ্ৰেপ্তাৰ কৰা অভিযুক্তজনক বৃহস্পতিবাৰে দিল্লীৰ আদালতত হাজিৰ কৰোৱা হয়।

লগতে চাওকঃ

শিহৰণকাৰী! কােলাত কেচুৱা লৈ জলপ্ৰপাতত আবদ্ধ হৈ পৰিল মাতৃ, তাৰ পাছত ঘটিল এই ঘটনা…

Exit mobile version