‘৫ কিলাে’ উৎকােচ লৈ CBI ৰ হাতত গ্ৰেপ্তাৰ ED ৰ দুই বিষয়াক

নিউজ ডেস্ক। কিছুদিন পূৰ্বে ‘কিলাে’ৰ হিচাপত উৎকােচ দাবী কৰি তদন্তৰ সন্মুখীন হৈছিল অসম আৰক্ষীৰ এজন অতিৰিক্ত আৰক্ষী অধীক্ষক। এক কিলাে অৰ্থাৎ ১ লাখ টকা।

অনুৰূপ ধৰণে ‘কিলাে’ৰ হিচাপত উৎকােচ দাবী কৰি গুজৰাটত গ্ৰেপ্তাৰ হ’ল প্ৰৱৰ্তন সঞ্চালকালয়ৰ দুজন তদন্তকাৰী বিষয়া।

তদন্তত ৰেহাই দিয়াৰ নামত প্ৰথম পৰ্যায়ত ‘৫ কিলাে’ উৎকোচ লৈ চিবিআইৰ হাতত হাতে-লােটে গ্ৰেপ্তাৰ হ’ল প্ৰৱৰ্তন সঞ্চালকালয়ৰ দুই উচ্চপদস্থ বিষয়া।

জানিব পৰা মতে, কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা (চিবিআই)ই শুকুৰবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ৰ এজন উপ-সঞ্চালক আৰু এজন সহকাৰী সঞ্চালকক গ্ৰেপ্তাৰ কৰে।

১০৪ কোটি টকাৰ বেংক জালিয়াতিৰ তদন্তৰ অধীনত থকা গুজৰাটস্থিত এটা কোম্পানীৰ মালিকৰ পৰা ৭৫ লাখ টকাৰ উৎকোচ দাবী কৰাৰ অভিযোগত দুয়োকে গ্ৰেপ্তাৰ কৰে সংস্থাই।

সংস্থাৰ বিষয়াসকলে জনায় যে, ২০১৩ বেটচৰ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া তথা উপ সঞ্চালক পূৰ্ণ কাম সিং আৰু সহকাৰী সঞ্চালক ভুৱনেশ কুমাৰ আৰু দুজন মধ্যস্থতাকাৰীক আন এজন মধ্যস্থতাকাৰীৰ পৰা মুঠ উৎকোচৰ পৰিমাণৰ প্ৰথম কিস্তি হিচাপে ৫ লাখ টকা গ্ৰহণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। সিং আৰু কুমাৰ দুয়ো প্ৰৱৰ্তন সঞ্চালকালয়ৰ আহমেদাবাদ শাখাত কৰ্মৰত।

খবৰ অনুসৰি, চিবিআইয়ে আহমেদাবাদত দুয়োজন বিষয়াৰ কাৰ্যালয় আৰু অন্যান্য স্থানত তালাচী চলাইছিল। আৰু তাৰ পিছতেই গ্ৰেপ্তাৰ কৰে দুয়োকে।

চিবিআইৰ বিষয়াসকলে জনোৱা অনুসৰি, ১০৪ কোটি টকাৰ বেংক ঋণ জালিয়াতিৰ গোচৰত কেষ্টৰ তেল আৰু ষ্টীলপাইপ উৎপাদনৰ সৈতে জড়িত কোম্পানীটোৰ গৰাকীৰ তদন্ত চিবিআই আৰু ইডিৰ দ্বাৰা চলি আছিল।

সিং আৰু কুমাৰে ব্যৱসায়ীজন আৰু তেওঁৰ পুত্ৰক ২২ এপ্ৰিল আৰু ২৫ মে’ত সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল। যেতিয়া পিতৃ আৰু পুত্ৰ ১৮ জুনত প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়লৈ গৈছিল।

তেতিয়া সিঙে তেওঁলোকক প্ৰহাৰ কৰিছিল আৰু তেওঁলোকৰ সম্পত্তি সংলগ্ন কৰাৰ ভাবুকি দিছিল। বিষয়া দুজনে ব্যৱসায়ীজন আৰু তেওঁৰ পুত্ৰক কথিত সাংকেতিক ভাষাত উৎকোচৰ পৰিমাণৰ বিষয়ে আলোচনা কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল।

Leave a Comment