NEWS8 NE

৫ বছৰীয়া সন্তানক এৰি আজিও সন্ধানহীন নামতিৰ মঞ্জুলা! বিচাৰি হাহাকাৰ স্বামীৰ…

নিউজ ডেস্কঃ ৫ বছৰীয়া সন্তানক এৰি এগৰাকী মহিলা সন্ধানহীন হৈ থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰৰ নামতিত।

জানিব পৰা মতে, যোৱা ১০ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে আমগুৰি নামতি চাৰিআলি আদৰ্শ গাঁৱৰ ৰফিক আলীৰ কন্যা মঞ্জুলা বেগম ওৰফে ৰিমি নামৰ মহিলাগৰাকীয়ে।

এটি ৫ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ মঞ্জুলা সন্ধানহীন হোৱাৰ পিছতে এতিয়া মহিলাগৰাকীক বিচাৰি চকুৰ টোপনি হৰিছে স্বামী তথা পৰিয়ালৰ।

প্ৰেমসূত্ৰে বিবাহ পাশত আৱদ্ধ হোৱা মঞ্জুলা বেগমক বিচাৰি পৰিয়ালৰ লোকে চৌদিশ চলাথ কৰাৰ পিছতো কোনো সম্ভেদ লাভ নকৰাত আৰক্ষীৰ কাষ চাপিছে।

ইফালে মহিলাগৰাকীৰ সন্ধান দিওতালৈ পুৰস্কাৰ আগবঢ়োৱাৰো ঘোষণা কৰিছে পৰিয়ালে।

কোনো ব্যক্তিয়ে মঞ্জুলা বেগম ওৰফে ৰিমিৰ কোনো সন্ধান পালে 88760-71287, 80113-21700 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বামী ৰফিক আলীয়ে।

Exit mobile version