NEWS8 NE

৫ মহীয়া শিশুৰ বাবে আমেৰিকাৰ পৰা পৰা আমদানি কৰা ঔষধত ৬ কোটি টকাৰ কৰ ৰেহাই PMO ৰ

নিউজ ডেস্ক। এটি ফুলকােমল দৈৱশিশুৰ চিকিৎসাৰ বাবে প্ৰয়ােজনীয় ব্যয়বহুল ঔষধ বিদেশৰ পৰা আমদানিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে (PMO) আগবঢ়ােৱা প্ৰায় ৬ কােটি টকাৰ কৰ ৰেহাই প্ৰদান কৰা কাৰ্যক সকলােৱে একমুখে প্ৰশংসা কৰিছে।

বিশেষকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই মহৎ পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰক ভূঁয়সী প্ৰশংসা কৰিছে।

জানিব পৰা মতে, এগৰাকী ৫ মহীয়া কন্যাশিশুৰ জীৱন ৰক্ষাৰ বাবে প্ৰয়োজন হোৱা জীৱনদায়িনী ঔষধৰ মূল্য ১৬ কোটি টকা। ইয়াৰে সীমা শুল্ক আৰু জি এছ টি মিলাই ৬ কোটি।

এই কথা টুইটাৰত প্ৰকাশ কৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাবিশে। মহাৰাষ্ট্ৰৰ এগৰাকী ৫ মহীয়া কন্যাশিশু টিৰা কামাত আক্ৰান্ত হৈছিল এক বিশেষ স্নায়ু জনিত ৰোগত। যিটো ৰোগৰ নাম Spinal Muscular Atrophy (SMA)। যিয়ে স্নায়ু কোষ সমূহ ধ্বংস কৰি দূৰ্বল কৰে আক্ৰান্তক। যাৰ ফলত নিজে লৰচৰ কৰিব নোৱাৰে ৰোগীয়ে। বৰ্তমান শিশুটি চিকিৎসাধীন হৈ আছে।

শিশু গৰাকীৰ পিতৃ-মাতৃয়ে ২০২০ চনৰ অক্টোবৰ আৰু ২০২১ বৰ্ষৰ জানুৱাৰীত কন্যা শিশু গৰাকীৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। তেওঁলোকে লগতে কেন্দ্ৰীয় চৰকাৰক শিশুটিৰ বাবে প্ৰয়োজন হোৱা ঔষধটোৰ আমদানি শুল্ক আৰু জি এছ টি বহন কৰি দিবলৈ অনুৰোধ জনাইছিল। এই ৰোগৰ একমাত্ৰ ঔষধ টোৰ নাম হৈছে Zolgensma। আৰু ঔষধটো আমদানি কৰিব লাগিব আমেৰিকাৰ পৰা। যিটো খৰচ বহন কৰিবলৈ অক্ষম পিতৃ-মাতৃ।

উল্লেখ্য যে এই ঔষধটোৰ দাম হ’ল ১৬ কোটি। ঔষধটো আনিবলৈ পিতৃ-মাতৃয়ে সামাজিক মাধ্যমত সকলোৰে সহায় বিচৰাত মাত্ৰ ৭৫ দিনৰ ভিতৰতে দান বৰঙণি হিচাপে লাভ কৰিছিল ১২ কোটি টকা। সামাজিক মাধ্যমত পিতৃ-মাতৃয়ে এইটোও জনালে যে এই ঔষধটো আনিবলৈ হলে ২৩ শতাংশ আমদানি শুল্ক আৰু ১২ শতাংশ জি এছ টি ভৰিব লাগিব। অৰ্থাৎ দুয়োটা কৰ মিলাই আমদানি খৰচ হব ৬ কোটি টকা।

ইনষ্টাগ্রামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টেগ কৰি পিতৃ-মাতৃয়ে কয় যে, ‘১৬ কোটি টকা ধনী মানুহৰ বাবেহে। আমাৰ নিচিনা মানুহৰ কাৰণে ১ কোটিও সপোন। দুখীয়া সকলে বি পি এলৰ সহায়ত চৰকাৰৰ সুবিধা পায়। কিন্তু আমি দুখীয়া যদিও দুখীয়া বুলি প্ৰমাণ কৰিবলৈ আমাৰ একোৱেই নাই। ঋণ আৰু দান বৰঙণিৰে আমি কিছু টকা গোটালো যদিও ২৩% আমদানি শুল্ক আৰু ১২% জি এছ টি সহ ৩৫% কৰ আমি বহন কৰিবলৈ অক্ষম। আপোনালোকে এইখিনি বহন কৰি শিশুটিক মৃত্যুৰ পৰা ৰক্ষা কৰিব নোৱাৰে নে?’

ইয়াৰ পিছতেই যোৱা ১ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিশে প্ৰধানমন্ত্ৰীলৈ এই বিষয় সন্দৰ্ভত এক পত্ৰ প্ৰেৰণ কৰি পৰিয়ালটোক সাহাৰ্য আগবঢ়াবলৈ আহ্বান জনায়। আৰু তেওঁৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে।

লগতে চাওকঃ

ৰিক্সা চালকৰ জীয়ৰীয়ে অৰ্জন কৰিলে মিছ ইণ্ডিয়াৰ উপ-বিজেয়ীৰ খিতাপ!

অসাৱধানতা! প্ৰথম মহলাৰ পৰা জাৱৰ পেলাবলৈ গৈ বিপদত পৰিল এজন লােক, CCTV কেমেৰাত বন্দী সমগ্ৰ ঘটনা

পেছাত হােটেলৰ কৰ্মচাৰী! গ্ৰাহকৰ সন্মুখত প্ৰদৰ্শিত নৃত্যৰ ভিডিঅ’ জনপ্ৰিয় হৈছে ইন্টাৰনেটত

ভয়ংকৰ! একে ঠাইতে সংঘটিত হ’ল শতাধিক যান-বাহনৰ সংঘৰ্ষ, নিহত ৬

Exit mobile version