৫ লাখ টকা ব্যয় কৰি হাউছিং ছছাইটিত প্ৰতিষেধক ল’লে ৩৯੦ জনে, পােহৰলৈ আহিল ভয়ানক ঘটনা

নিউজ ডেস্ক। কোৰোনাৰ পৰা ৰক্ষা পাবলৈ সকলোৱে গ্ৰহণ কৰিছে প্ৰতিষেধক। বহুতো চেষ্টা কৰিও বহুতে সক্ষম হোৱা প্ৰতিষেধক গ্ৰহণ কৰিবলৈ। কিন্তু তেনে সময়তে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ।

ভুৱা প্ৰতিষেধক প্ৰদান কৰি প্ৰায় ৫ লাখ টকা লুট কৰিলে এক দুষ্ট চক্ৰই।

এই ঘটনা সংঘটিত হয় মুম্বাইৰ কান্দিৱালি এলেকাৰ হীৰানন্দানি হাউছিং ছছাইটিত। হাউছিং ছছাইটিৰ সকলো লোকেই চিকাৰ হ’ল সেই চক্ৰটোৰ। বৰ্তমান আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

জানিব পৰা মতে, যোৱা ৩০ মে’ত কেইজন মান লোকে নিজকে মুম্বাইৰ প্ৰতিষ্ঠিত চিকিৎসালয় কুকিলাবেন চিকিৎসালয়ৰ কৰ্মচাৰী বুলি পৰিচয় দি তেওঁলোক আহে হাউছিং ছছাইটিলৈ। তাৰে এজনে নিজকে ৰাজেশ সিং বুলি পৰিচয় দি সম্পৰ্ক স্থাপন কৰিছিল ছছাইটিৰ কমিটীৰ এজন লোকৰ সৈতে।

হাউছিং ছছাইটিত আছিল ৩৯০ জন লোক আৰু প্ৰত্যেককে প্ৰদান কৰিছিল কভিড-১৯ প্ৰতিষেধক। তেওঁলোকৰ দেহত প্ৰদান কৰা হৈছিল কভিছিল্ড প্ৰতিষেধক। প্ৰতি পালি প্ৰতিষেধকৰ বাবদ তেওঁলোকৰ পৰা লৈছিল ১২৬০ টকাকৈ।

ছছাইটিৰ সকলোকে প্ৰতিষেধক প্ৰদান কৰি চক্ৰটোৱে লাভ কৰিছিল ৪ লাখ ৯১ হাজাৰ ৪০০ টকা।

প্ৰতিষেধকৰ ধন সংগ্ৰহ কৰিছিল সঞ্জয় গুপ্তা নামৰ এজন লোকে। ইমানলৈকে সকলো ঠিকেই আছিল। কিন্তু প্ৰতিষেধক গ্ৰহণৰ পিছত তেওঁলোকৰ দেহত জ্বৰ বা বিষৰ দৰে কোনো লক্ষণ ধৰা নপৰাত তেওঁলোকে সন্দেহ প্ৰকাশ কৰে।

ইয়াৰোপৰি প্ৰতিষেধক গ্ৰহণৰ পিছত কোনেও লাভ কৰা নাছিল ফোনৰ মেচেজ। আৰু প্ৰতিষেধক গ্ৰহণৰ ছেলফি অথবা ফটো সংগ্ৰহ কৰিবলৈয়ো দিয়া নাছিল তেওঁলোকক। লগতে বহু দিনলৈকে প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণ পত্ৰও লাভ কৰা নাছিল ছছাইটিৰ আৱাসী সকলে।

১০-১৫ দিনৰ পিছত প্ৰমাণ পত্ৰ লাভ কৰিছিল যদিও সেইয়া বিভিন্ন চিকিৎসালয়ৰ নামত আহিছিল। সেই কথাত সন্দেহ কৰি তেওঁলোকে প্ৰতিখন চিকিৎসালয়লৈ যায়। তেতিয়া চিকিৎসালয় সমূহৰ কৰ্তৃপক্ষই সেই কথা নস্যাৎ কৰে। যাৰফলত এই কথা মিছা প্ৰমাণিত হয়। সেয়েহে হাউছিং ছছাইটিৰ গৰাকীয়ে খবৰ দিয়ে আৰক্ষীক।

আৰক্ষীয়ে জনোৱা অনুসৰি, এই সন্দৰ্ভত তদন্ত অব্যাহত আছে। প্ৰমাণ পত্ৰত উল্লেখ থকা চিকিৎসালয় সমূহৰ সৈতে যোগাযোগ কৰি জানিব পৰা যায় যে সেই চিকিৎসালয় সমূহে কতো তেনে কেম্পৰ আয়োজন কৰা নাছিল।

Leave a Comment