৫ শতাংশৰ তললৈ নামিল সংক্ৰমণৰ হাত, হ্ৰাস পােৱা নাই মৃত্যুৰ সংখ্যা

৫ শতাংশৰ তললৈ নামিল সংক্ৰমণৰ হাত, হ্ৰাস পােৱা নাই মৃত্যুৰ সংখ্যা

May 26, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যবাসীৰ বাবে ইতিবাচক বাৰ্তা কঢ়িয়াই ৫ শতাংশৰ তললৈ নামিল ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰ।

সংক্ৰমণ ৰােধৰ উদ্দেশ্যে চৰকাৰে ৰাজ্যজুৰি জাৰি কৰা সান্ধ্য আইন আৰু আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত নিষাধাজ্ঞাৰ ফলতে অৱনমিত হৈছে সংক্ৰমণৰ হাৰ।

বুধবাৰে প্ৰকাশ পােৱা তথ্য অনুসৰি, ৰাজ্যত সংক্ৰমণৰ হাৰ ৪.৯১ শতাংশলৈ অৱনমিত হৈছে। দিনটােত সৰ্বমুঠ ১,১৬,১১৯ জনৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

ইয়াৰ মাজত ৫,৬৯৯ জনক ক’ভিড পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

ৰাজ্যৰ ভিতৰত গুৱাহাটী মেট্ৰ’ জিলাত সৰ্বাধিক ৬৭੦ জন ক’ভিড পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

ডিব্ৰুগড় জিলাত ৪৮৪, কাছাৰ জিলাত ৪৭৩ আৰু নগাঁও জিলাত ৪১৭ জন নতুনকৈ ক’ভিড পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

ক’ভিডত দৈনিক মৃত্যু হােৱাৰ লােকৰ সংখ্যাই উদ্বেগৰ কাৰণ যদিও ক্ৰমাৎ নিম্নগামী ক’ভিডৰ সংক্ৰমণৰ হাৰে এই ক্ষেত্ৰত কিছু আশাৰ সঞ্চাৰ ঘটাইছে।

দিনটােত ৯੦ জন ক’ভিডৰ ৰােগীৰ মৃত্যু ঘটে। মৃতকৰ ভিতৰত সৰ্বাধিক ৰােগী কামৰূপ মেট্ৰ’ জিলাৰ। জিলাখনত ১৮ জন লােকৰ ক’ভিডত মৃত্যু হয়।

ইয়াৰ উপৰি তিনিচুকীয়া জিলাত ৯, কাছাৰ-ডিব্ৰুগড়-কামৰূপ জিলাত ৮ জনকৈ, বৰপেটাত ৬, হােজাইত ৫, কৰিমগঞ্জত ৪, ধেমাজী-গােলাঘাট-মৰিগাঁৱত ৩ জনকৈ, হাইলাকান্দি-লখিমপুৰ-নগাঁও-নলবাৰী-শােণিতপুৰ জিলাত ২ জনকৈ, চৰাইদেউ-দৰং-ধুবুৰী-যােৰহাট আৰু কাৰ্বি আংলং জিলাত ১ জনকৈ ক’ভিড ৰােগীৰ মৃত্যু হয়।

লগতে চাওকঃ

গৰ্ভৱতী হৈও কৰিছিল ক’ভিড ৰােগীৰ সেৱা, সন্তান প্ৰসৱৰ পিছত ঘটিল শােকাৱহ ঘটনা