৬৮ সংখ্যক ‘মন কী বাত’ত আত্মনিৰ্ভৰ ভাৰতৰ বাবে প্ৰধানমন্ত্ৰী পুতলা উদ্যোগৰ ওপৰত গুৰুত্ব !

৬৮ সংখ্যক ‘মন কী বাত’ত আত্মনিৰ্ভৰ ভাৰতৰ বাবে প্ৰধানমন্ত্ৰী পুতলা উদ্যোগৰ ওপৰত গুৰুত্ব !

August 30, 2020 0 By NEWS DESK

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মন কী বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।

৬৮ সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে কেইবাটাও দিশৰ বিষয়ে আলোকপাত কৰে।

মোদীয়ে দেশক পুনৰ এবাৰ আত্মনিৰ্ভৰ ভাৰতৰ বাৰ্তা দি পুতলা উদ্যোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে পুতলা উদ্যোগলৈ আহ্বান জনাই কয় যে, তেওঁলোক আগুৱাই আহক আৰু দেশক আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত নিজৰ ভূমিকা লওক।

মোদীয়ে কয় যে, আমাৰ দেশত স্থানীয় পুতলাৰ বহু সমৃদ্ধ পৰম্পৰা আছে। বহু প্ৰতিভাশালী কাৰিকৰ আছে, যিয়ে ধুনীয়া পুতলা বনোৱাত সিদ্ধহস্ত। ভাৰতৰ কিছু অঞ্চল Toy Clusters অৰ্থাৎ পুতলাৰ কেন্দ্ৰ হিচাপে বিকশিত হৈ আছে।

এই প্ৰসংগত মোডীয়ে অসমৰ ধুবুৰীৰ নাম বিশেষভাবে উল্লেখ কৰি কয় যে ধুবুৰীৰ লগতে উত্তৰ প্ৰদেশৰ বাৰানসী,কৰ্ণাটকৰ চান্নাপাটনা,তামিলনাডুৰ তাঞ্জাভৰ আদিৰ পুতলা উদ্যোগৰ বিশেষ নাম আছে।

মোদীয়ে কয়- ‘আমাৰ দেশত এইবাৰ খাৰিফ শস্যৰ উৎপাদন বিগত বৰ্ষতকৈ ৭ শতাংশ বেছি হৈছে। কৰ’ণাৰ এই কঠিন পৰিস্থিতিৰ মাজতো কৃষকসকলে নিজৰ শক্তি প্ৰমাণিত কৰিছে। মই দেশৰ কৃষকসকলক ধন্যবাদ জনাইছো।’

প্ৰধানমন্ত্ৰীয়ে কয় যে, পুতলাৰ সৈতে আমি দুটা বস্তু কৰিব পাৰে- নিজৰ গৌৰৱশালী অতীতক নিজৰ জীৱনলৈ আকৌ আনিব পাৰো আৰু স্বৰ্ণিল ভৱিষ্যতলৈও গতি কৰিব পাৰো। মই ষ্টাৰ্টআপ বন্ধু, আমাৰ নতুন উদ্যোগীসকলক কওঁ- আহক পুতল বনাওঁ।

কৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা পৰি থাকিবলৈ মোডীয়ে সকলোকে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়।