NEWS8 NE

৬ গৰাকীকৈ ছাত্ৰীক নিৰ্যাতন চলাই পলাতক হৈ থকা প্ৰধান শিক্ষকক বৈঠালংছ’ৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্কঃ পুনৰ শিক্ষকৰ দৰে এক পবিত্ৰ বৃত্তিত কালিমা সানিলে এগৰাকী প্ৰধান শিক্ষকে। নিজৰ বিদ্যালয়ৰে ৬ গৰাকীকৈ কণমানি ছাত্ৰীক যৌন নিৰ্যাতন চলাই পলায়ন কৰি থকা এগৰাকী লম্পট প্ৰধান শিক্ষকক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল অসম আৰক্ষী।

আৰক্ষীয়ে অভিযান চলাই কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ৰ পৰা গ্ৰেপ্তাৰ কৰে পলাতক প্ৰধান শিক্ষকজনক।

উল্লেখ্য যে, বিশ্বনাথৰ চেলাইকাঠিৰ হোলী চাইল্ড ইংলিছ স্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ চাংমাই নিজৰ বিদ্যালয়ৰ ৬ গৰাকী কণ কণ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

বিদ্যালয়ৰ হোষ্টেলৰ ভিতৰত প্ৰৱেশ কৰি ছাত্ৰী কেইগৰাকীৰ সৈতে এই অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ চেষ্টা চলাইছিল লম্পট প্ৰধান শিক্ষক জনে।

কিন্তু ছাত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত এই বিষয়ে অভিভাৱক অৱগত কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনা পোহৰলৈ অহাৰ পিছতে পলায়ন কৰে অভিযুক্ত প্ৰধান শিক্ষক প্ৰদীপ চাংমাই।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি অৱশেষত বৈঠালাংছ’ৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত প্ৰধানশিক্ষক জনক।

শিক্ষকৰ পবিত্ৰ বৃত্তিত কালিমা সানি এগৰাকী প্ৰধান শিক্ষকে এই দুষ্কাৰ্য সংঘটিত কৰাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বনাথত।

Exit mobile version