Site icon NEWS8 NE

৭ বছৰীয়া শিশুৱে ৰক্ষা কৰিলে এগৰাকী মহিলাৰ জীৱন!

নিউজ ডেস্ক। সঁচাই, কেতিয়াবা সৰুৱেও ডাঙৰক কৰিব পাৰে সহায়। এই কথাই এইবাৰ পুনৰ প্ৰমাণ কৰিলে এটা ঘটনাই।

ঘটনাটো উত্তৰ প্ৰদেশৰ মীৰাটৰ গংগা নগৰৰ ৰাধা গাৰ্ডেন কলনীত সংঘটিত হৈছিল।

যি সময়ত বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ সকলোৱেই ঘৰৰ ভিতৰত সোমাই আছিল। সেই সময়ত এটি ৭ বছৰীয়া শিশুৱে বান্দৰৰ আক্ৰমণৰ সন্মুখীন হোৱা এগৰাকী মহিলাৰ ৰক্ষা কৰিলে জীৱন। যাৰ বাবে এতিয়া অঞ্চলটোতে প্ৰশংসিত হৈ পৰিছে সাহসী শিশুটি।

শিশুটিৰ নাম দুগ্গু বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, আবেলি সময়ত কলনীৰ এগৰাকী মহিলা উদ্যানত খোজ কাঢ়িবলৈ গৈছিল। আনহাতে সেই সময়ত মহিলাগৰাকীৰ চুবুৰীত বাস কৰা নবীন প্ৰধানৰ সাত বছৰীয়া পুত্ৰ দুগ্গু ঘৰৰ পোহনীয়া কুকুৰক ৰুটি দিবলৈ বাহিৰলৈ ওলাই গৈছিল।

কুকুৰক ৰুটি দিবলৈ গৈ দুগ্গুৱে দেখে যে মহিলাগৰাকীক উদ্যানখনত এটা বান্দৰৰ জাকে আগুৰি ধৰিছিল। বান্দৰে আৱৰি ধৰাৰ লগে লগে মহিলাগৰাকী আতংকিত হৈ চিঞৰি উঠিছিল। তেতিয়া দুগ্গুৱে সেই দৃশ্য দেখি ঘৰৰ ভিতৰলৈ গৈ হাতত এডাল লাঠি লৈ মহিলাগৰাকীক বচাবলৈ বান্দৰৰ জাকটোৰ ফালে দৌৰিছিল।

যেতিয়া দুগ্গুৱে লাঠি লৈ বান্দৰৰ জাকটোৰ ফালে দৌৰিছিল, তেতিয়া কুকুৰ কেইটাইয়ো ভুকি ভুকি তেওঁৰ পিছে পিছে দৌৰিছিল। আৰু সেই দৃশ্য বান্দৰৰ জাকটোৱে দেখি ভয়তে পলাই পত্ৰং দিয়ে।

পৰৱৰ্তী সময়ত মহিলা গৰাকীয়ে দুগ্গুৰ এই কথা কলনীৰ সকলোকে কয়। এই কথা জনাৰ পিছত সকলোৱে প্ৰশংসা কৰে দুগ্গুক। শিশুটোৰ সাহস প্ৰতি লক্ষ্য ৰাখি কলনীৰ মানুহে তেওঁক লগ ধৰে আৰু পুৰস্কৃত কৰে।

উল্লেখ্য যে দুগ্গুৱে ৰাধা গাৰ্ডেন কলনীত যিগৰাকী মহিলাৰ জীৱন ৰক্ষা কৰিছিল তেওঁ হৈছে আশা ভিজ। যেতিয়া আশা ভিজে কলনীত শিশুটোৰ সাহসৰ বিষয়ে কৈছিল, সকলোৱে তেওঁক প্ৰশংসা কৰিছিল।

তাৰ পিছতেই ৰাধা বাগিচাৰ আদৰ্শ উদ্যানত কলনীবাসীৰ এখন সভা অনুষ্ঠিত হৈছিল। য’ত সাত বছৰীয়া দুগ্গুক সাহসিকতাৰ প্ৰতীক হিচাপে উৎসাহিত কৰা হৈছিল।

Exit mobile version