৮৩০ নহয়, কংগ্ৰেছ চৰকাৰ আহিলে দৰিদ্ৰই মাহে পাব ৭৫০০ টকা: ৰিপুন বৰা !

৮৩০ নহয়, কংগ্ৰেছ চৰকাৰ আহিলে দৰিদ্ৰই মাহে পাব ৭৫০০ টকা: ৰিপুন বৰা !

September 5, 2020 0 By NEWS DESK

শনিবাৰে গুৱাহাটী অৱস্থিত ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

সভাত বিজেপিক কটাক্ষ কৰি কেতবোৰ মন্তব্য কৰে ৰিপুন বৰাই।

কিছুদিন পূৰ্বে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অৰুণোদয় আঁচনিক লৈও মন্তব্য কৰে ৰিপুন বৰাই।

বৰাই কয়- আঁচনিৰ বিৰোধিতা কংগ্ৰেছে কৰা নাই কিন্তু।কিন্তু এই আঁচনি ৰূপায়নত চৰকাৰৰ আগ্ৰহ কিমান? এই আঁচনি নিৰ্বাচন কেন্দ্ৰিক ভোটৰ অংক।

এজনী মহিলাক ৮৩০ টকা দিয়াটো প্ৰবঞ্চনা বুলি উল্লেখ কৰি বৰাই কয় যে, অসমীয়া মহিলাক চূড়ান্ত অপমান কৰিছে বিজেপিয়ে।

অসমৰ বিধস্ত অৰ্থনীতিত এই ৮৩০ টকাৰ আচনিয়ে কি সহায় কৰিব বুলিও প্ৰশ্ন কৰা ৰিপুন বৰাই।

ৰিপুন বৰাই বিজেপিক প্ৰত্যাহ্বান জনাই কয়, যদিহে ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ চৰকাৰ আহে তেন্তে প্ৰতি গৰাকী মহিলাক মাহে ৭৫০০ টকাকৈ দিয়া হ’ব।

ন্যায় আঁচনিৰ জৰিয়তে এই ধন প্ৰতি মাহে প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে বৰাই।