ৰকিবুলৰ মতিভ্ৰম হৈছে, ২੦২১ত পৰাজয় নিশ্চিতঃ দুলু আহমেদ

ৰকিবুলৰ মতিভ্ৰম হৈছে, ২੦২১ত পৰাজয় নিশ্চিতঃ দুলু আহমেদ

October 12, 2020 0 By NEWS DESK

চামগুৰি। কংগ্ৰেছ দলৰ বাবে দশক দশক ধৰি ত্যাগ স্বীকাৰ কৰা তৃণমূল কৰ্মীৰ এই দলটােত কােনাে দাম নাই!

এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে সদ্য প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদে।

কংগ্ৰেছ দল ত্যাগ কৰিয়েই আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতি ধাৱমান হােৱা দুলু আহমেদে কয় যে কংগ্ৰেছ দলত গুৰুত্ব পাবলৈ হ’লে আপুনি হয়তাে কােনাে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সন্তান হ’ব লাগিব, সাংসদৰ, মন্ত্ৰী নাই বিধায়কৰ সন্তান হ’ব লাগিব।

নগাঁও জিলাৰ চামগুৰিত উপস্থিত হৈ সাংবাদিকৰ আগত মন্তব্য কৰি তেওঁ পৰােক্ষভাৱে স্থানীয় বিধায়ক ৰকিবুল হুছেইনক কটাক্ষ কৰি কয় যে ২০২১ত চামগুৰিত অঘটন ঘটিব।

চামগুৰিত বৰ্তমানৰ বিধায়কৰ বিপক্ষে থিয় দিয়া যিকােনাে প্ৰাৰ্থীয়ে জয়লাভ কৰাটাে নিশ্চিত বুলি দাবী কৰে।

প্ৰয়োজনত নিজেই চামগুৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰে দুলু আহমেদে।

তেওঁ কয় যে ৰকিবুল হুছেইনৰ মতিভ্ৰম হৈছে, সেয়ে তেওঁ ২੦২১ৰ বিধানসভাত আসনৰ লৈ বিজেপি দলৰ অংক সন্দৰ্ভত আবােল-তাবােল মন্তব্য কৰিবলৈ ধৰিছে।