NEWS8 NE

ৰক্ষকেই ভক্ষক! ভাড়াতীয়া চোৰৰ হতুৱাই দোকানত চুৰি গৃহৰক্ষী জোৱানৰ, অৱশেষত গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ ভাড়াতীয়া চোৰৰ হতুৱাই চুৰি কাৰ্য সংঘটিত কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এগৰাকী গৃহৰক্ষী জোৱান। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পলাশবাৰীত।

জানিব পৰা মতে, এজন গৃহৰক্ষী জোৱানে এজন ভাড়াতীয়া চোৰৰ দ্বাৰা এখন ইলেক্ট্ৰ’নিক দোকানত চুৰি কাণ্ড সংঘটিত কৰিছিল। দোকানৰ ভিতৰত চোৰ প্ৰৱেশ কৰাৰ সময়ত বাহিৰত কৰ্তব্যৰত আছিল গৃহৰক্ষী জোৱানজন।

ইফালে ভাড়াতীয়া চোৰে দোকাখনৰ পৰা প্ৰায় ১২ লাখ টকা মূল্যৰ মোবাইল ফোন চুৰি কৰি নিয়ে। পিছত দোকানৰ সন্মুখতে গৃহৰক্ষী জোৱানজনৰ সৈতে চুৰি মোবাইল সমূহ ভাগ-বতৰা কৰে চোৰে।

কিন্তু চোৰৰ সমগ্ৰ চুৰি কাণ্ড বন্দী হয় দোকানৰ চিচি টিভি কেমেৰাত। লগতে গৃহৰক্ষী জোৱানজনৰ সৈতে চোৰৰ সম্পৰ্কও স্পষ্ট হৈ পৰে। ইয়াৰ পিছতে দোকানখনৰ স্বত্বাধিকাৰী নিৰঞ্জন মহন্তই পলাশবাৰী থানাত এজাহাৰ দাখিল কৰে।

এই এজাহাৰৰ ভিত্তিত আৰু চিচিটিভি ফুটেজৰ তথ্যৰ আধাৰত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত গৃহৰক্ষী জোৱান মাণিক আলীক।

অৱশ্যে এতিয়াও ভাড়াতীয়া চোৰটোৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Exit mobile version