ৰহস্যজনকভাৱে সন্ধানহীন কলেজীয়া ছাত্ৰ, আৰক্ষীৰ তদন্ত অব্যাহত

ৰহস্যজনকভাৱে সন্ধানহীন কলেজীয়া ছাত্ৰ, আৰক্ষীৰ তদন্ত অব্যাহত

November 13, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নৱজিৎ শৰ্মা। আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত গড়ল বৰুৱাপাৰাৰ ধীৰু বৰুৱা নামৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰজন যোৱা শনিবাৰৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে।

ইতিমধ্যে পৰিয়ালৰ লোকে এই সন্দৰ্ভত আজাৰা থানাত এক গোচৰ ৰুজু কৰিছে যদিও এতিয়ালৈ ছাত্ৰজনৰ কোনো শুংসূত্ৰ লাভ কৰা নাই।

জানিব পৰা মতে, ধীৰু বৰুৱা শনিবাৰৰ সন্ধিয়া ঘৰৰপৰা টেন্ট হাউচৰ ডেকৰেশ্বনৰ কাম কৰিবলৈ ওলাই যোৱা বুলি কৈ যায়।

ইয়াৰ পাছত ধীৰুৰ ফোন নিশাৰ ভাগলৈ বন্ধ থকাত ঘৰৰ মানুহে বিচাৰ খোচাৰ কৰি এজন বন্ধুৰ পৰা জানিব পাৰে যে ধীৰু কিবা ডাঙৰ বিপদত পৰিছে আৰু বন্ধুজনক যোগাযোগ কৰিবলৈ দুটা ফোন নম্বৰ দিয়ে।

পাছত গম পালে সেই নম্বৰ দুটা ধীৰুৰ স’তে প্ৰেমৰ সম্পৰ্ক থকা (?) ছোৱালী জনীৰ মাক আৰু বায়েকৰ নম্বৰ।

ইতিমধ্যে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত নিৰুদ্দিষ্ট ছাত্ৰজনৰ কােনাে শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হােৱা নাই।