‘ৰাইজৰ দল’ৰ আহ্বায়ক পদৰ পৰা অব্যাহতি মনোজ গগৈক!

‘ৰাইজৰ দল’ৰ আহ্বায়ক পদৰ পৰা অব্যাহতি মনোজ গগৈক!

October 16, 2020 0 By NEWS DESK

বিতৰ্কই লগ এৰা নাই সদ্য গঠিত ৰাজনৈতিক দল ‘ৰাইজৰ দল’ক।

অৱশেষত ৰাইজৰ দলৰ আহ্বায়ক পদৰ পৰা অব্যাহতি দিয়া হ’ল মনোজ গগৈক।

সাময়িকভাৱে অব্যাহতি দিয়া হৈছে আহ্বায়ক গৰাকীক।

আটাইকেইগৰাকী মুখ্য আহ্বায়কৰ স্বাক্ষৰ সম্বলিত জাননী যোগে মনোজ গগৈক পদৰ পৰা অব্যাহতি দিয়াৰ কথা প্ৰকাশ কৰা হৈছে।

মনোজ গগৈৰ ওপৰত উত্থাপিত অভিযোগৰ বাবেই ইয়াৰ সত্যতা নিৰ্ধাৰণ কৰিবৰ বাবে এই ব্যৱস্থা হাতত লৈছে ৰাইজৰ দলৰ ফালৰ পৰা।

উল্লেখ্য যে, মনোজ গগৈৰ বিৰুদ্ধে ৰুজু হৈছে এখন এজাহাৰ।

উল্লেখ্য যে, এজাহাৰখনৰ সত্যতা নিৰূপন হলেহে পিছলৈ পুনৰ ৰাইজৰ দলে সিদ্ধান্ত ল’ব গগৈৰ ওপৰত।