ৰাজপথত অশ্লিল ইংগিত দিয়া টেক্সিচালকক ধৰি আৰক্ষীক গতালে সাংসদ মিমিয়ে

ৰাজপথত অশ্লিল ইংগিত দিয়া টেক্সিচালকক ধৰি আৰক্ষীক গতালে সাংসদ মিমিয়ে

September 16, 2020 0 By NEWS DESK

ৰাজপথত এগৰাকী মহিলা সাংসদক কটুক্তি আৰু অশ্লীল ইংগিত দিয়াৰ বাবে ৰঙাঘৰৰ আলহী হ’ল এজন টেক্সি চালক।

ঘটনাৰ স্থান পশ্চিম বংগৰ ৰাজধানী কলকাতা।

জানিব পৰা মতে, অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে জিমত ব্যায়াম কৰি নিশা ঘৰলৈ উভতাৰ সময়ত বালিগঞ্জ-গৰিয়াহাটৰ মাজত থকা ট্ৰেফিক ছিগনেলত নিজৰ গাড়ী ৰখাই থােৱাৰ সময়তে এখন টেক্সিয়ে মিমিৰ গাড়ীখন অতিক্ৰম কৰিছিল।

তাৰ পাছতে টেক্সিখনৰ চালকে মিমিক উদ্দেশ্যি কটুক্তি কৰাৰ লগতে অশ্লীল ইংগিতাে দিছিল।

ঘটনা দৃষ্টিগােচৰ হােৱাৰ লগে লগে সাংসদগৰাকীয়ে নিজৰ গাড়ীৰ পৰা নামি গৈ টেক্সচালকক গাড়ীৰ পৰা নমাই আনি ধমক দিয়ে আৰু তাৰ পাছত আৰক্ষীৰ সৈতে যােগাযােগ কৰে।

ইয়াৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে অভিযুক্ত টেক্সিচালকক জিম্মাত লয় তথা টেক্সখনাে জব্দ কৰে।

পাছত আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এক গােচৰ ৰুজু কৰাৰ লগতে অভিযুক্ত টেক্সিচালক দেৱা যাদৱ (৩২) গ্ৰেপ্তাৰ কৰে।

সংবাদ মাধ্যমত আগত মন্তব্য কৰি মিমিয়ে কয় যে এখন চৰকাৰী গাড়ী প্ৰত্যক্ষ কৰি যদি এজন টেক্সিচালকে এনে আচৰণ কৰিব পাৰে, তেন্তে সাধাৰণ মানুহৰ অৱস্থা কি হ’ব পাৰে, সেয়া সহজে অনুমেয়।