Site icon NEWS8 NE

ৰাজপথত হঠাতে সৃষ্টি প্ৰকাণ্ড গাঁত, বন্ধ হৈ পৰিল যাতায়ত

নিউজ ডেস্ক। কিছুদিন পূৰ্বে দিল্লীৰ ৰাজপথত হঠাতে সৃষ্টি হৈছিল এক প্ৰকাণ্ড গাঁত। য’ত সোমাই পৰিছিল এখন বাহন।

এইবাৰ পুনৰ দেশৰ ৰাজধানী দিল্লীৰ ৰাজপথত সৃষ্টি হল আন এক প্ৰকাণ্ড গাঁত। অৱশ্যে কোনো লোকৰ ক্ষয় ক্ষতি হোৱা নাই গাঁতত। এই ঘটনা দিল্লীৰ হাউজ খাছ অঞ্চলৰ আইআইটি দিল্লী উৰণীয়া সেঁতুৰ তলত।

খবৰ অনুসৰি, ৰাজধানী দিল্লীত বিগত কেইবাদিনো ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ বাবে পথত এই গাঁতৰ সৃষ্টি হয়। যাৰ ফলত বৰ্তমান পথটোৰে যাতায়ত ব্যৱস্থা বন্ধ কৰি দিছে ট্ৰেফিক আৰক্ষীয়ে।

টুইটাৰ যোগে দিল্লীৰ ট্ৰেফিক আৰক্ষীয়ে কয় যে, “আইআইটি পথত গাঁতৰ সৃষ্টি হোৱাৰ বাবে আইআইটিৰ পৰা আধচিনিলৈ যোৱা পথটো কাতৱাৰীয়া পথ হৈ যোৱাৰ বিকল্প পথৰ ব্যৱস্থা কৰা হৈছে। সেয়েহে সেই পথটোৰ যাতায়ত পৰিহাৰ কৰিবলৈ সকলোকে অনুৰোধ জনালো।”

গাঁতটো ১০-১৫ ফুট দীঘল হোৱা দেখিবলৈ পোৱা গৈছে। য’ত নলাৰ পানী দেখা গৈছে। সমগ্ৰ ঠাইডোখৰ আৰক্ষীয়ে আৱৰি আছে। আৰু পথ নিৰ্মাণৰ বিভাগীয় কৰ্তৃপক্ষয়ো উপস্থিত আছে সেই স্থানত।

উল্লেখ্য যে এই মাহৰ প্ৰথম অৱস্থাত দ্বাৰকাৰ চেক্টৰ ১৮ ত প্ৰৱল বৰষুণৰ বাবে এটা গাঁতৰ সৃষ্টি হৈছিল। য’ত আৰক্ষী কনিষ্টবলৰ বাহন সোমাই পৰিছিল।

Exit mobile version