ৰাজমাতা বিজয়াৰাজে সিদ্ধিয়াৰ স্মৃতিত কাইলৈ প্ৰধানমন্ত্ৰীয়ে জাৰি কৰিব ১০০ টকীয়া মুদ্ৰা !

ৰাজমাতা বিজয়াৰাজে সিদ্ধিয়াৰ স্মৃতিত কাইলৈ প্ৰধানমন্ত্ৰীয়ে জাৰি কৰিব ১০০ টকীয়া মুদ্ৰা !

October 11, 2020 0 By NEWS DESK

১২ অক্টোবৰ অৰ্থাৎ কাইলৈ ৰাজমাতা বিজয়াৰাজে সিদ্ধিয়াৰ ১০০তম জন্মবাৰ্ষিকী উপলক্ষে দেশত জাৰি কৰিব ১০০ টকীয়া মুদ্ৰা।

ৰাজমাতাৰ সন্মানত স্মৃতিত এই মুদ্ৰা জাৰি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Image

উল্লেখ্য যে, সিন্ধিয়া ৰাজঘাৰণা দেশৰ প্ৰথমটো ৰাজ পৰিয়ালৰ। যাৰ সন্মানৰ বাবে চৰকাৰে স্মাৰক মুদ্ৰা জাৰি কৰিব।

জানিব পৰা গৈছে যে, মুদ্ৰাটোত বিজয়া ৰাজে সিন্ধিয়াৰ জন্ম চন ১৯১৯ আৰু ২০১৯ অংকিত হৈ আছে লগতে তেওঁৰ ফটো অংকিত হৈ আছে।

আনহাতে মুদ্ৰাটোৰ আনটো পিঠিত অশোক স্তম্ভ আৰু ভাৰতবৰ্ষ বুলি লিখা আছে আৰু অশোক স্তম্ভৰ তলত ১০০ বুলি অংকিত আছে।

উল্লেখ্য যে, এই মুদ্ৰাটো ৪টাকৈ ধাতু সংযোগ কৰি তৈয়াৰ কৰা হৈছে। মুদ্ৰাটোৰ ওজম ৩৫ গ্ৰাম।