ৰাজ্যত ক’ভিড-১৯ত ৯২ জনৰ মৃত্যু, ৬ সহস্ৰাধিক নতুনকৈ আক্ৰান্ত

ৰাজ্যত ক’ভিড-১৯ত ৯২ জনৰ মৃত্যু, ৬ সহস্ৰাধিক নতুনকৈ আক্ৰান্ত

May 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত নিতৌ প্ৰাণ হেৰুৱাইছে অৰ্ধ শতাধিক লােকে।

ৰবিবাৰে ৫৬ জন লােকৰ এই ৰােগৰ সংক্ৰমণত মৃত্যু ঘটাৰ বিপৰীত সােমবাৰে উদ্বেগজনকভাৱে ৯২ জনৰ এই ৰােগত মৃত্যু ঘটে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰে এই তথ্য।

তেওঁ প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ক’ভিডত আক্ৰান্ত হােৱা লােকৰ সংখ্যা ৬,৩৯৪ জন। ইয়াৰে গুৱাহাটীত আক্ৰান্তৰ সংখ্যা ১,১০০ জন।

টুইটাৰত প্ৰকাশ কৰা অনুসৰি, দিনটােত সৰ্বমুঠ ৯১,৪৮১ জনৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।

এই অনুসাৰে আক্ৰান্তৰ হাৰ ৬.৯৯ শতাংশ। ৰবিবাৰে এই হাৰ আছিল ৮.৫১ শতাংশ।

এই অনুসৰি ৰাজ্যত সংক্ৰমণৰ হাৰৰ কিছু হ্ৰাস পােৱা পৰিলক্ষিত হৈছে।

ইপিনে, ৰাজ্যত সৰ্বাধিক ক’ভিড ৰাগীৰ মৃত্যুৰ ঘটনা হৈছে গুৱাহাটী মেট্ৰ’ জিলাত। দিনটােত ২৬ জন লােকৰ জিলাখনত মৃত্যু হােৱা বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমে প্ৰকাশ কৰিছে।

অনুৰূপ ধৰণে কামৰূপ জিলাত দিনত ১১ জন লােকৰ মৃত্যু হয়। ইয়াৰ উপৰি, শােণিতপুৰ-৭, দৰং-৬, কাছাৰ, ডিব্ৰুগড়, তিনিচুকীয়াত ৫ জনকৈ, বৰপেটা, নগাঁও, নলবাৰী, শিৱসাগৰত ৩ জনকৈ, গােলাঘাট, চৰাইদেউ, হােজাই, যােৰহাটত ২ জনকৈ আৰু বিশ্বনাথ, বঙাইগাঁও, গােৱালপাৰা, কাৰ্বি আংলং, মৰিগাঁও, দক্ষিণ শালমাৰা-মানকাছৰ, ওদালগুৰি জিলাত ১ জনকৈ ক’ভিড ৰােগীৰ মৃত্যু হয়।

দিনটােত ৪,৭৩৭ জন লােক ক’ভিডৰ পৰা সুস্থ হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।