ৰাজ্যত ক’ভিড-১৯ৰ সংক্ৰমণত পুনৰ প্ৰাণ গ’ল ৫ জনৰ, ১৪৫ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা

ৰাজ্যত ক’ভিড-১৯ৰ সংক্ৰমণত পুনৰ প্ৰাণ গ’ল ৫ জনৰ, ১৪৫ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা

August 9, 2020 0 By NEWS DESK

নিউজ ডেস্ক। ৰবিবাৰেও ৰাজ্যৰ বিভিন্ন জিলাত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ফলত ৫ জন লােকে প্ৰাণ হেৰুৱালে।

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা অনুসৰি, কামৰূপ জিলাৰ-২, মৰিগাঁৱৰ-১, তিনিচুকীয়াৰ-১ তথা ডিব্ৰুগড়ৰ-১ জন ব্যক্তিৰ ৰবিবাৰে মৃত্যু ঘটে।

কামৰূপ জিলাৰ ৰফিক আলী (৬৬), মহেন্দ্ৰ ডেকা (৯੦), মৰিগাঁৱৰ ৰামপতি দেৱী (৬੦), তিনিচুকীয়াৰ গােবিন্দ দাস (৩২) তথা ডিব্ৰুগড় জিলাৰ ৰিজুমণি গােঁহাই (৪৭)ৰ ক’ভিড-১৯ ৰ সংক্ৰমণৰ ফলত মৃত্যু ঘটে।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মৃতক কেইজনৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাই টুইটাৰ মন্তব্য প্ৰকাশ কৰে।

উল্লেখ্য যে ৰবিবাৰ মৃতকৰ সংখ্যাক লৈ এই পৰ্যন্ত ৰাজ্যত ক’ভিড-১৯ত সংক্ৰমণত মৃতকৰ সংখ্যা ১৪৫ জনলৈ বৃদ্ধি পাইছে।