ৰাজ্যত নতুনকৈ স্থাপন হ’ব ৫ খন মেডিকেল কলেজঃ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত নতুনকৈ স্থাপন হ’ব ৫ খন মেডিকেল কলেজঃ হিমন্ত বিশ্ব শৰ্মা

August 15, 2020 0 By NEWS DESK

মৰিগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ।

স্বাধীনতা দিৱসত চৰকাৰী কাৰ্যসূচীতে মন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলনৰ পাছত ভাষণ প্ৰসংগত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

ভাষত মন্ত্ৰী গৰাকীয়ে কয়- ৰাজ্যত নতুনকৈ স্থাপন হ’ব ৫ খন মেডিকেল কলেজ । গুৱাহাটী মহানগৰী, বিশ্বনাথ চাৰিআলি, গোৱালপাৰা, চৰাইদেউ, মৰিগাঁৱত স্থাপন কৰা হ’ব মেডিকেল কলেজ ।

মন্ত্ৰীগৰাকীয়ে লগতে কয়, চৰকাৰে প্রতিটো পৰিয়ালক ২ অক্টোবৰৰ পৰা ৰাজ্যৰ ১৭ লাখ পৰিয়ালক প্রতিমাহতে অৰুণোদয় আঁচনিৰ জৰিয়তে ৮৩০ টকাকৈ বেংকৰ জৰিয়তে প্রদান কৰা হ’ব৷

লগতে অহা ২ অক্টোবৰত ১১৯ খন চাহ বাগিছা অঞ্চলত ১১৯ খন হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথাও নিজৰ ভাষণত প্ৰকাশ কৰে ।

আনফালে ব্ৰহ্মপুত্ৰৰ ওপৰত মৰিগাঁও-দৰং সংযোগী আন এখন দলঙৰ কামো শীঘ্ৰে আৰম্ভ হ’ব বুলি ঘোষণা কৰে ।

অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ দৰে জাকত জিলিকাকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক গঢ়ি তুলিবলৈ ১৫০ কোটি টকা অনুমোদন কৰাৰ কথা ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে ।