ৰাজ্যত পুনৰ কৰ’ণাত আক্রান্ত হৈ মৃত্যুক সাৱটিলে এগৰাকী আৰক্ষী বিষয়াই !

ৰাজ্যত পুনৰ কৰ’ণাত আক্রান্ত হৈ মৃত্যুক সাৱটিলে এগৰাকী আৰক্ষী বিষয়াই !

October 3, 2020 0 By NEWS DESK

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

কৰ’ণাত আক্ৰান্ত হৈ ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বহু কেইগৰাকী আৰক্ষীৰ লোকে।

এইবাৰ পুনৰ কৰ’ণাই প্ৰাণ ল’লে এগৰাকী আৰক্ষী বিষয়াৰ।

তিতাবৰ বান্দৰচলিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পঞ্চানন গগৈৰ কৰ’ণাত আক্রান্ত হৈ মৃত্যু।

কৰ’ণা পজিটিভ পোৱাৰ পাছতে ২৯ তাৰিখে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হৈছিল আৰক্ষী বিষয়াজনক।

কিন্তু শৰীৰত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ ফলত আৰক্ষী বিষয়াগৰাকীৰ অকাল মৃত্যুক সাৱটিব লগা হয়।