ৰাজ্যত পুনৰ কৰ’ণাত আক্ৰান্ত হৈ ১০ জন লোকৰ মৃত্যু !

ৰাজ্যত পুনৰ কৰ’ণাত আক্ৰান্ত হৈ ১০ জন লোকৰ মৃত্যু !

September 8, 2020 0 By NEWS DESK

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰ।

প্ৰতিদিনে অতি ভয়ংকৰ ভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা আৰু মৃ্ত্যু হোৱা লোকৰ সংখ্যা।

ৰাজ্যত পুনৰ কৰ’ণাত আক্ৰান্ত হৈ ১০ জন লোকৰ মৃত্যু।

মৃত্যু হোৱা লোক কেইগৰাকী হৈছে- ডিব্ৰুগড়ৰ ৰাজু চাৰিংগিয়া ফুকন(৫০), কামৰূপ মহানগৰ জিলাৰ তুলিকা গোস্বামী(৫৬), প্ৰিয় বৈশ্য(২৬), সদানন্দ ঠাকুৰীয়া(৬০), মহেশ ডেকা(৮২), কৰিমগঞ্জ জিলাৰ মহম্মদ আলী(৬০) ভূপেন্দ্ৰ মোহন দাস(৮০), শিৱসাগৰ জিলাৰ পবিত্ৰ শইকীয়া(৫৫), নলবাৰীৰ কনক চন্দ্ৰ ডেকা(৭৬) আৰু কমল কলিতা(২৫)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰি মৃত্যু হোৱা ব্যক্তি কেইগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

অসমত বৰ্তমানলৈ কৰ’ণাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৭০ গৰাকীলৈ বৃদ্ধি পাইছে।