NEWS8 NE

ৰাজ্যপালৰ বাসগৃহলৈ হেণ্ড গ্ৰেনেড নিক্ষেপ দুষ্কৃতিকাৰীৰ!

নিউজ ডেস্ক। মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাৰ চৰকাৰী বাসভৱনলৈ লক্ষ্য কৰি কোনো অজ্ঞাত দুষ্কৃতিকাৰীয়ে হেণ্ড গ্ৰেনেড নিক্ষেপ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

প্ৰাপ্ত খবৰ অনুসৰি, মংগলবাৰে বিয়লি নিৰাপত্তাৰক্ষীৰ বেহু ভেদ কৰি মণিপুৰৰ ৰাজধানী ইম্ফল স্থিত ৰাজভৱনৰ প্ৰৱেশ দ্বাৰৰ ভিতৰলৈ হেণ্ড গ্ৰেনেডটো দলিয়াই থৈ উধাও হয় দুষ্কৃতিকাৰী।

অৱশ্যে সৌভাগ্যক্ৰমে বোমাটো বিস্ফোৰণ হোৱাৰ পূৰ্বে ৰাজভৱনৰ নিৰাপত্তাৰ দায়িত্বত থকা সুৰক্ষা কৰ্মীয়ে ততাতৈয়াকৈ বোমাটো নিৰাপদ স্থানলৈ নি নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে সমাগত গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য কৰি কোনো উগ্ৰপন্থী সংগঠনে এনেদৰে জনসাধাৰণক আতংকিত কৰিবৰ বাবে গ্ৰেনেড নিক্ষেপ কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

ইফালে কোনো বিদ্ৰোহী সংগঠনে এই পৰ্যন্ত কূটাঘাতৰ দায়িত্ব স্বীকাৰ কৰা নাই।

Exit mobile version