ৰাজ্যবাসীৰ বাবে ভাল খবৰ ! বৃদ্ধি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ…

ৰাজ্যবাসীৰ বাবে ভাল খবৰ ! বৃদ্ধি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ…

September 4, 2020 0 By NEWS DESK

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

বৃদ্ধি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ।

নতুনকৈ ৩০৫৩ হেক্টৰ মাটি অন্তৰ্ভুক্ত হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা কাজিৰঙা ব্যাঘ্র প্ৰকল্পত।

উল্লেখ্য যে,নগাঁও আৰু শোনিতপুৰ জিলাৰ চাৰিটা প্ৰস্তাৱিত এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভূক্তিৰ অনুমোদন জনালে ৰাজ্য চৰকাৰে৷

নগাঁও জিলাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া বান্দৰডুবি, পালখোৱা, দেউচুৰৰ লগতে প্ৰস্তাৱিত দেউচুৰ সংৰক্ষিত বনাঞ্চল আৰু শোনিতপুৰ জিলাৰ অন্তৰ্গত মকোৱা চাপৰি এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুন সংযোজন হয়। 

এই সন্দৰ্ভত বৃহস্পতিবাৰে অসম চৰকাৰে এক জাননী প্ৰকাশ কৰাৰ কথা জানিবলৈ দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷

উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি নগাঁও জিলাৰ অন্তৰ্গত দেউচুৰ,পালখোৱা আৰু দেউচুৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক ধৰি ১৭৬ হেক্টৰ ভূমি ৭ম বান্দৰডুবিৰ ৩০৭ হেক্টৰ ভূমি ৮ম আৰু শোণিতপুৰ জিলাৰ জিয়াভৰলীৰ কাষৰীয়া নামেৰি ৰাষ্ট্ৰীয় উদ্যান সংযোগী মকোৱা চাপৰি ২৫৭০ হেক্টৰ ভূমি ৯ম সংযোজন হিচাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অংশ হৈ পৰিল৷

এই নতুন সংযোজনৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ ৮৮৫ বৰ্গ কিলোমিটাৰৰ পৰা ৯১৫ বৰ্গ কিলোমিটাৰলৈ লৈ বৃদ্ধি পাইছে।