ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন শ্বহীদ আৰক্ষী জােৱান ৰবেন দাসৰ

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন শ্বহীদ আৰক্ষী জােৱান ৰবেন দাসৰ

October 20, 2020 0 By NEWS DESK

আৰক্ষী জােৱানৰ মৃত্যুত মুখ্যমন্ত্ৰী-আৰক্ষী সঞ্চালক প্ৰধানৰ শোক প্ৰকাশ

সৰ্থেবাৰী। নিজ দায়িত্ব সম্পাদন কৰিবলৈ গৈ শ্বহীদ হ’ল অসম আৰক্ষীৰ এজন জােৱান ৰবেন দাস।

উল্লেখ্য যে দক্ষিণ-শালমাৰা-মানকাচৰত জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কুকুৰমাৰা চৰ অঞ্চলত গৰুৰ চোৰাং ব্যৱসায়ীক ধৰিবলৈ গৈ মৃত্যুবৰণ কৰা আরক্ষী জোৱান ৰবেন দাসৰ শেষকৃত্য নিজ গাঁৱত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়।

মন্ত্ৰী চন্দ্ৰমােহন পাটােৱাৰী

নিশা ন বজাত শ্বহীদ আৰক্ষী জোৱান ৰবেন দাসৰ মৃতদেহ সৰ্থেবাৰী থানাৰ অন্তৰ্গত হাঠিনাপুৰৰ নিজ ঘৰ আহি পোৱাৰ পাছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

নিশাই দুৰ্ভগীয়া পৰিয়ালটোৰ খবৰ ল’বলৈ উপস্থিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

মৃতদেহ কান্ধত কঢ়িয়াছে আৰক্ষী বিষয়া তথা মন্ত্ৰী পাটােৱাৰীয়ে

একেলগে নামনি অসমৰ ডি আই জি দেৱজিৎ মুখাৰ্জীৰ লগতে বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্ৰ নাথ শৰ্মা আৰু আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ উপস্থিত হয়।

মন্ত্ৰী পাটোৱাৰী আৰু শাৰ্ষ আৰক্ষী বিষয়া মুখাৰ্জীয়ে গাড়ীৰ পৰা মৃতদেহ কান্ধত কঢ়িয়াই আনি চোতালত থৈ শেষশ্ৰদ্ধা জ্ঞাপন কৰে।

শ্বহীদ ৰবেন দাস

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি শ্বহীদজনক ৰাজ্যিকত মৰ্যাদাৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে দুৰ্ভগীয়া পৰিয়ালটোৰ বাবে পাঁচ লাখ টকাৰ সাহায্য ঘোষণা কৰে মন্ত্ৰী পাটোৱাৰীয়ে।

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱালৰ উপৰি ৰবেন দাসৰ মৃত্যুত আৰক্ষী সঞ্চালক প্ৰধানে ভাস্কৰ জ্যোতি মহন্তই শোক প্ৰকাশ কৰিছে।

আৰক্ষী

মৰ্মান্তিক! চােৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ জােৱানৰ মৃত্যু