NEWS8 NE

ৰাজ্যৰ দুৰ্গম অঞ্চললৈ অতি কষ্টসাধ্য যাত্ৰাৰ বাবে মুখ্যমন্ত্ৰীক উচ্চ প্ৰশংসা ৰাজ্যপালৰ

নিউজ ডেস্ক। জনতাৰ প্ৰতি দৰদী আৰু জনসেৱাৰ মানসিকতাৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক প্ৰশংসাৰে ওপচাই পেলায় ৰাজ্যখনৰ ৰাজ্যপাল বি ডি মিশ্ৰই।

অৰুণাচল প্ৰদেশৰ ম্যানমাৰ সীমান্তৱৰ্তী চাংলাং জিলাৰ অতি ভিতৰুৱা অঞ্চল বিজয়নগৰলৈ মিয়াও নগৰৰ সৈতে স্থলপথেৰে সংযুক্ত কৰিবলৈ লোৱা মুখ্যমন্ত্ৰীৰ পদক্ষেপকাে তেওঁ ভূৰি ভূৰি প্ৰশংসা কৰে।

মুখ্যমন্ত্ৰী খাণ্ডুৱে ২০২২ বৰ্ষৰ মাৰ্চৰ ভিতৰত বিজয়নগৰক স্থলপথেৰে সংযুক্ত কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

তেওঁৰ সেই মন্তব্য সন্দৰ্ভত ৰাজ্যপাল গৰাকীয়ে কয় যে সীমান্ত পথ নিৰ্মাণ সংস্থা, যন্ত্ৰ-পাতি আৰু মানৱ শক্তিৰ সহায়ত লক্ষ্য সময়ৰ ভিতৰত এই কাম সম্পূৰ্ণ হ’ব।

ৰাজ্যখনৰ সকলো জনসাধাৰণৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপক তেওঁ শ’লাগ লয়। অলপতে অতি দুৰ্গম ঠাই গান্ধীগ্ৰাম আৰু বিজয়নগৰৰ মুখ্যমন্ত্ৰীৰ ভ্ৰমণকো শ’লাগ লয়।

তেওঁ কয়, “মুখ্যমন্ত্ৰী খান্দুৱে ৰাজ্যৰ জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে। অতি দুৰ্গম ঠাইলৈ খোজকাঢ়ি যাত্ৰা কৰা ৰাজ্যখনৰ প্ৰথমজন মুখ্যমন্ত্ৰী হিচাপে তেওঁ ইতিহাস ৰচিলে।”

Exit mobile version