ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা বাঘবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক দিলদাৰ ৰেজ্জাৰ দেহাৱসান!

ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা বাঘবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক দিলদাৰ ৰেজ্জাৰ দেহাৱসান!

September 27, 2020 0 By NEWS DESK

ৰাজ্যৰ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী, গৃহ বিভাগৰ সংসদীয় সচিব তথা বাঘবৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক দিলদাৰ ৰেজ্জাৰ দেহাৱসান।

দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত ভুগি গুৱাহাটীৰ এখন নাৰ্চিং হােমত চিকিৎসাধীন হৈ থকা অৱস্থাত শনিবাৰৰ নিশা ১-৪৫ বজাত জ্যেষ্ঠ কংগ্ৰেছী নেতা গৰাকীয়ে শেষ নিশ্বাস এৰে।

মন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ নগৰবেৰা পোৱাৰ পিছতে শেষ বিদায় জনাবলৈ বহু লোকে ভিৰ কৰে মন্ত্ৰীগৰাকীৰ বাসগৃহত।

জনপ্ৰিয় তথা ৰাইজৰ মতে আধুনিক বাঘবৰ সমষ্টিৰ নিৰ্মাতা সংখ্যালঘু প্ৰতিনিধি দিলদাৰ ৰেজ্জাৰ বিয়োগে সকলোকে মৰ্মাহত কৰিছে।

সকলোৱে অশ্ৰু শিক্ত নয়নেৰে শেষ দৰ্শন কৰি মন্ত্ৰীগৰাকীক অন্তিম শ্ৰদ্ধা নিবেদন কৰে৷

ইতিমধ্যে জনপ্ৰিয় কংগ্ৰেছী নেতাগৰাকীৰ জানাজা সম্পন্ন কৰাৰ বাবে নিজ চোতালৰ এচুকত কৰা হৈছে যাৱতীয় প্ৰস্তুতি।

মৃত্যুৰ সময়ত পত্নী সহঃ কন্যা আৰু দুই পুত্ৰক এৰি থৈ যায় ,তেওঁৰ মৃত্যু সমষ্টি বাসীৰ লগতে জাতীয কংগ্ৰেছ দলটিৰ বাবে এক অপূৰণীয় ক্ষতি।

উল্লেখ্য যে, জনপ্ৰিয় নেতা গৰাকীয়ে ক্ৰমে ১৯৯১, ২০০১ আৰু ২০০৬ চনত তিনিবাৰকৈ বাঘবৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ লগতে হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাত মন্ত্ৰীত্ব পদ লাভ কৰিছিল।