ৰাজ্যৰ বজাৰৰ মিঠাতেলত পোৱা গৈছে মানৱ দেহৰ অপকাৰী বৰবিহস্বৰূপ ‘কাটকাৰ’ৰ উপস্থিতি !

ৰাজ্যৰ বজাৰৰ মিঠাতেলত পোৱা গৈছে মানৱ দেহৰ অপকাৰী বৰবিহস্বৰূপ ‘কাটকাৰ’ৰ উপস্থিতি !

September 4, 2020 0 By NEWS DESK

মিঠাতেল কিনোতে সাৱধান হওক। কিয়নো ৰাজ্যৰ বজাৰত বৃদ্ধি পাইছে ভেজাল মিঠাতেল।

মিঠাতেলত পোৱা গৈছে মানৱ দেহৰ অপকাৰী বৰবিহস্বৰূপ ‘কাটকাৰ’ৰ উপস্থিতি।

এই ভয়ংকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে প্রতিৰক্ষা গৱেষণা পৰীক্ষাগাৰৰ (ডি আৰ এল) তথ্যত।

প্রতিৰক্ষা গৱেষণা উন্নয়ন সংস্থাৰ (ডি আৰ ডি অ’) অধীনস্থ পৰীক্ষাগাৰটোৱে ৰাজ্যৰ বজাৰত মানৱ দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক কাটকাৰ (আর্গেমন মেক্সিকানা) তেল মিহলি মিঠাতেল বিক্রী হৈ থকাটো নিশ্চিত কৰিছে।

ৰাজ্যৰ বজাৰৰ মিঠাতেলত বৰবিহ ‘কাটকাৰ’ৰ উপস্থিতি

উল্লেখ্য যে, এই কাটকাৰ তেল মহামাৰী ড্রপছীৰ কাৰক৷১৯৯৮ চনত ভাৰতত এই ড্রপছীয়ে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল।

উল্লেখ্য যে, ডি আৰ এলে তেজপুৰৰ বজাৰৰ পৰা মিঠালেতৰ বহু নমুনা সংগ্রহ কৰিছিল৷ পৰীক্ষাগাৰত এই নমুনাসমূহ পৰীক্ষা কৰাৰ সময়ত তাত কাটকাৰ তেলৰ উপস্থিতি ধৰা পৰিছে