ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক ২৫ শতাংশ মাচুল ৰেহাই দিয়াৰ নিৰ্দেশ শিক্ষা বিভাগৰ !

ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক ২৫ শতাংশ মাচুল ৰেহাই দিয়াৰ নিৰ্দেশ শিক্ষা বিভাগৰ !

August 14, 2020 0 By NEWS DESK

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ।

ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক ২৫ শতাংশ মাচুল ৰেহাই দিয়াৰ নিৰ্দেশ শিক্ষা বিভাগৰ ।

প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এই ৰেহাই দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষা বিভাগে ।

মে’ মাহৰ ১ তাৰিখৰ পৰা কাৰ্যকাৰী হোৱাকৈ মাচুল ৰেহাই দিয়াৰ নিৰ্দেশ ।

বিদ্যুতৰ বিলৰ ক্ষেত্ৰত, শিক্ষাৰ্থীৰ অনা-নিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বাহনৰ ইন্ধন, বাহনৰ মেৰামতি আদি ক্ষেত্ৰত ধন ৰেহাই দিয়াৰ তালিকা প্ৰকাশ কৰিছে শিক্ষা বিভাগে ।

লগতে ব’ৰ্ডিং বিদ্যালয় তথা হোষ্টেলৰ ক্ষেত্ৰত খাদ্যৰ খৰচ, চুইমিং পুল, জিম, ক্ৰীড়া সামগ্ৰী আদিৰ চোৱা-চিতাৰ ক্ষেত্ৰত কৰা খৰচ, বিজ্ঞানৰ গৱেষণাগাৰ, কম্পিউটাৰ গৱেষণাগাৰ আদিৰ খৰচৰ ক্ষেত্ৰতো ৰেহাই দিয়াৰ বাবে নিৰ্দেশনাত কোৱা হৈছে

আনুষ্ঠানিকভাৱে বিদ্যালয় খোলা লৈকে এই নিৰ্দেশনা বাহাল ৰখাৰ নিৰ্দেশ ।