ৰাজ্যৰ শিক্ষাৰ্থীক ৫৪০০ টকা আৰু ৭,৮০০ টকাকৈ স্ক’লাৰশ্বীপ আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে!

ৰাজ্যৰ শিক্ষাৰ্থীক ৫৪০০ টকা আৰু ৭,৮০০ টকাকৈ স্ক’লাৰশ্বীপ আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে!

October 19, 2020 0 By NEWS DESK

অসম তথা উত্তৰ পূবৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ।

অসম তথা উত্তৰ পূৱৰ শিক্ষাৰ্থীৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি।

অসম তথা উত্তৰ-পূৱৰ শিক্ষাৰ্থীক ৫৪০০ টকা আৰু ৭,৮০০ টকাকৈ স্ক’লাৰশ্বীপ আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে।

UGC Ishan Uday Scholarship Scheme in India, 2015

ঈষাণ উদয় স্ক’লাৰশ্বীপৰ অধীনত আগবঢ়োৱা হ’ব এই ধনৰাশি।

কেন্দ্ৰীয় চৰকাৰৰ লগতে বিশ্ববিদ্যালয় অনুদান আয়োগে আৰম্ভ কৰা এই স্ক’লাৰশ্বীপ স্নাতক পৰ্যায়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবেই। 

সাধাৰণ ডিগ্ৰী পাঠ্যক্ৰম পঢ়ি থকা শিক্ষাৰ্থীলৈ মাহে ৫,৪০০ টকা আগবঢ়োৱা হ’ব। একেদৰে কাৰিকৰী আৰু বিত্তীমুখী পাঠ্যক্ৰম পঢ়ি থকা সকলৰ বাবে ৭,৮০০ টকাকৈ আগবঢ়োৱা হ’ব।

 স্ক’লাৰশ্বীপৰ সুবিধা গ্ৰহণ কৰিবলৈ অহা ৩১ অক্টোবৰৰ ভিতৰত ‘ugc.ac.in’, ‘scholarships.gov.in’ত ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিব পাৰিব।

উল্লেখ্য যে, কেৱল স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবেহে এই স্ক’লাৰশ্বীপ আগবঢ়োৱা হ’ব।

লগতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ বাৰ্ষিক আয় ৪.৫ লাখতকৈ কম হ’ব লাগিব।