ৰাজ্যৰ ৮হাজাৰ নামঘৰলৈ ৰাজ্য চৰকাৰৰ ২.৫০লাখ টকাৰ অনুদান !

ৰাজ্যৰ ৮হাজাৰ নামঘৰলৈ ৰাজ্য চৰকাৰৰ ২.৫০লাখ টকাৰ অনুদান !

August 29, 2020 0 By NEWS DESK

জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

অসমৰ ৮০০০ নামঘৰলৈ চৰকাৰৰ আৰ্থিক সাহায্য।

ৰাজ্যৰ ৮হাজাৰ নামঘৰলৈ ৰাজ্য চৰকাৰে আগবঢ়াব ২.৫০লাখ টকাৰ অনুদান।

মন্ত্ৰীগৰাকীয়ে কয় যে, ‘ৰূপান্তৰ আৰু উন্নয়ন আঁচনিৰ জৰিয়তে অসমৰ প্ৰতিটো নামঘৰলৈ ২.৫ লাখকৈ টকা প্ৰদান কৰা হ’ব।’

জিলা পৰ্যায়ত উপায়ুক্ত সকলে নিৰ্বাচন কৰিব এই নামঘৰ সমূহ।

প্ৰত্যোকখন জিলাত ৫৫টা নামঘৰ নিৰ্বাচিত কৰা হব এই আচনিৰ বাবে।

অক্টোবৰৰ ৫ তাৰিখৰ ভিতৰত ৰাজ্য চৰকাৰে মোকলাই দিব ধন।

নামঘৰ বুলি ক’লে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আদি মহাপুৰুষসকলে প্ৰতিষ্ঠা কৰি যোৱা নৱ বৈষ্ণৱ ধৰ্মৰ সৈতে বা আন্দোলনৰ সৈতে জড়িত বা অসমৰ সমাজ জীৱনত যাক নামঘৰ বুলি কোৱা হয় সেইসকলক এই আচঁনিৰ ফল লাভ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘মন্দিৰ, মছজিদ, গীৰ্জা এই আচঁনিৰ অন্তৰ্ভূক্ত নহয়।’

পিছপৰা শ্ৰেণী লোক বাস কৰা স্থানক অগ্ৰাধিকাৰ দিব বুলিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।