ৰাজ্য চৰকাৰক আইন প্ৰয়োগ কৰি হ’লেও চকা বন্ধ প্ৰত্যাহাৰৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ !

ৰাজ্য চৰকাৰক আইন প্ৰয়োগ কৰি হ’লেও চকা বন্ধ প্ৰত্যাহাৰৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ !

October 8, 2020 0 By NEWS DESK

ৰাজ্যত অব্যাহত আছে অনিৰ্দিষ্টকালীন চকা বন্ধ কাৰ্যসূচী।

ভাড়া বৃদ্ধিৰ দাবীৰে সদৌ অসম মটৰ পৰিবহ সন্থাই ৰাজ্যত অনিৰ্দিষ্টকাললৈ চকা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰে।

কিন্তু এই চকা বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

Coronavirus | Gauhati High Court to Only Hear Urgent Matters - Guwahati News

ৰাজ্য চৰকাৰক আইন প্ৰয়োগ কৰি হ’লেও চকা বন্ধ কাৰ্যসূচী প্ৰত্যাহৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

চৰকাৰক প্ৰয়োজনত কঠোৰ আইন প্ৰয়োগ কৰিবলৈ নিৰ্দেশ দিছে ন্যায়ালয়ে।

এক ৰাজহুৱা স্বাৰ্থজনীত আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল অধিবক্তা ইন্দ্ৰনীল কলিতা আৰু দীক্ষিতা গগৈয়ে।

উল্লেখ্য ৫ অক্টোবৰৰ পৰা ৰাজ্যত অব্যাহত আছে চকা বন্ধ।

যাৰ ফলত বিপদত পৰিছে ৰাজ্যৰ সাধাৰণ জনতা।