ৰাজ্য চৰকাৰে অসমৰ ২ লাখ যুৱক-যুৱতীক প্ৰদান কৰিব ৫০,০০০কৈ অনুদান ! কিন্তু কেনেকৈ ?

ৰাজ্য চৰকাৰে অসমৰ ২ লাখ যুৱক-যুৱতীক প্ৰদান কৰিব ৫০,০০০কৈ অনুদান ! কিন্তু কেনেকৈ ?

September 4, 2020 0 By NEWS DESK

ৰাজ্য চৰকাৰে অসমৰ ২ লাখ যুৱক-যুৱতীক প্ৰদান কৰিব ৫০,০০০কৈ অনুদান।

জনতা ভৱনত সম্বোধন কৰা এখন সংবাদ মেলত এই কথা ব্যক্ত কৰে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

২০১৭-১৮ চনৰ বাজেটত ঘোষণা কৰা হৈছিল স্বয়ম (SAWYAM) নামৰ এক আঁচনি।

সেই আঁচিনি পুনৰ উজ্জীৱিত কৰিবলৈ যো জা চলাইছে ৰাজ্য চৰকাৰে। যাৰ বাবে এই আঁচনিৰ নামত ধাৰ্য কৰা হৈছে ১০০০ কোটি টকা।

১ ছেপ্টেম্বৰৰ আগত পঞ্জীয়নভুক্ত আত্মসহায়ক গোট বা আন সংগঠিত গোটৰ সদস্যক  উদ্যমিতা বিকাশৰ বাবে এই অনুদান আগবঢ়োৱা হ’ব। গোটত ২০ জনতকৈ অধিক আৰু ৫জনতকৈ কম সদস্য থাকিলে নহব।

আবেদনকাৰী গোটৰ সদস্যসকল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব৷

সদস্যসকলৰ বয়স ২০২০ৰ ১ ছেপ্টেম্বৰৰ ভিতৰত ১৮ বছৰৰ তল আৰু ৪০ বছৰৰ ওপৰ হ’ব নোৱাৰিব।

সদস্যগৰাকী কমেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।

আবেদন কৰাৰ পিছত যুৱক-যুৱতী সকলক তিনিদিনীয়াকৈ প্ৰশিক্ষণ দিয়া হ’ব৷

উদ্যোগ স্থাপন কৰাৰ লগতে কোনো বিভাগত ঠিকাও কৰিব পাৰিব।

১৬ ছেপ্টেম্বৰত ইয়াৰ বাবে এটা পৰ্টেল মুকলি কৰিব ৰাজ্য চৰকাৰে৷

পৰ্টেলৰ জৰিয়তেই আবেদন কৰিব পাৰিব৷

জিলা পৰ্যায়ৰ কমিটী থাকিব, যত ৰাজনীতিৰ সৈতে জড়িত লোক নাথাকিব৷

পৰৱৰ্তী সময়ত এই টকা চৰকাৰক ঘূৰাই দিব নালাগে।

 এই আঁচনিৰ অধীনত আত্মসহায়ক আৰু কৃষি গোটৰ একাউণ্টত সোমাব এই ধনৰাশি।