ৰাজ্য চৰকাৰৰ উদ্যোগত কলাক্ষেত্ৰত শিক্ষক দিৱস উদযাপন !

ৰাজ্য চৰকাৰৰ উদ্যোগত কলাক্ষেত্ৰত শিক্ষক দিৱস উদযাপন !

September 5, 2020 0 By NEWS DESK

আজি ৫৯ সংখ্যক পবিত্ৰ শিক্ষক দিৱস।

সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হয় শিক্ষক দিৱস কাৰ্যসূচী।

Image

ৰাজ্য চৰকাৰৰ উদ্যোগতো কলাক্ষেত্ৰত উদযাপন কৰা হয় শিক্ষক দিৱস।

এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ভৱেশ কলিতাকে ধৰি বহুকেইজন মন্ত্ৰী বিধায়ক।

উক্ত অনুষ্ঠানত ৰাজ্যৰ ৩১গৰাকী শিক্ষকক প্ৰদান কৰা হয় কৃতী শিক্ষকৰ বঁটা।

উক্ত অনুষ্ঠানত বড়ো সাহিত্য সভাৰ বিষয়ববীয়া সকলো উপস্থিত থাকে।

এই অনুষ্ঠানতেই জনজাতীয় ভাষা সঞ্চালকালয়ৰো শুভাৰম্ভনি হয়।