ৰাভা জনগােষ্ঠীক প্ৰতাৰণা! চৰকাৰৰ বিৰুদ্ধে আন্দােলনৰ কাৰ্যসূচী ঘােষণা

ৰাভা জনগােষ্ঠীক প্ৰতাৰণা! চৰকাৰৰ বিৰুদ্ধে আন্দােলনৰ কাৰ্যসূচী ঘােষণা

October 11, 2020 0 By NEWS DESK

দুধনৈ। দীৰ্ঘদিন ধৰি ৰাভা জনগােষ্ঠী সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত সংবিধানৰ ষষ্ঠ অনুসূচী প্ৰদানৰ দাবীৰে ধাৰাবাহিক আন্দােলন কৰি অহা ৰাভা সংগ্ৰামী সংগঠনসমূহক পুনৰ প্ৰতাৰণা শাসকীয় বিজেপি চৰকাৰে!

সংবাদমেল সম্বােধন কৰিছে আৰছুৰ সভাপতি নৃপেন খান্দাই

বিজেপি চৰকাৰে ৰাভা সংগ্ৰামী সংগঠনসমূহৰ দাবী পূৰণৰ পৰিৱৰ্তে ৰাভা-হাছঙত বসবাস কৰা জাতি-জনগােষ্ঠীৰ পৰিপন্থী কিছুমান কাম-কাজতহে লিপ্ত হােৱাৰ গুৰুতৰ অভিযােগ উঠিছে, যাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰে মিত্ৰতা ভংগৰ হুংকাৰ দিছে নিখিল ৰাভা ছাত্ৰ সন্থা তথা অন্যান্য সংগঠনসমূহে।

উল্লেখ্য যে দুধনৈস্থিত নিখিল ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত ছয় ৰাভা জাতীয় সংগঠন ক্ৰমে নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতি, নিখিল ৰাভা সাহিত্য সভা, নিখিল ৰাভা জাতীয় পৰিষদ আৰু সদৌ ৰাভা কৃষ্টি সন্মিলনে অহা ১৫ অক্টােবৰৰ পৰা ৩১ অক্টােবৰলৈ ৰাভা হাছং এলেকাত চৰকাৰৰ বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে জনজাগৰণ সভা তথা প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে।

সংবাদমেলত ৰাভা সংগ্ৰামী সংগঠনৰ নেতৃবৃন্দ

আনহাতে, অহা নৱেম্বৰ মাহৰ পৰা পৰ্যায়ক্ৰমেসৰ্বাত্মক বন্ধ, অৰ্থনৈতিক অৱৰোধ, পথ অৱৰোধ, ধৰ্ণা, জোৰ সমদল, গণসমাৱেশ আৰু অসহযোগ আন্দোলনৰ কাৰ্যসূচীও আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

কাৰ্যসূচীসমূহ ৰূপায়ণ কৰাৰ সময়ত যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে মুখ্যমন্ত্ৰী আৰু নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই জগৰীয়া হ’ব বুলিও স্পষ্ট কৰি দিয়ে আৰছু নেতৃত্বই।

সংবাদমেলত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দাই কয় যে বিজেপিৰ সৈতে মিত্ৰতা থকা সত্ত্বেও ৰাভা জনগোষ্টীটোৰ সমস্যা সমাধানত গুৰুত্ব নিদিলে। সেয়ে আগন্তুক নিৰ্বাচনৰ আগমুহূৰ্তত এই মিত্ৰতা ভংগ কৰাৰো হুংকাৰ দিয়ে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱাল

আনহাতে যি সকল ৰাভা জনগোষ্ঠীয় ব্যক্তি তথা নেতা-কৰ্মী বিজেপিত জড়িত তেওঁলোকক বিজেপিৰ কাম-কাজৰ পৰা বিৰত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদমেলৰ জৰিয়তে সকীয়াই দিয়ে।

আনহাতে পৰৱৰ্তী সময়ত ৰাভা জাতীয় সংগঠনসমূহৰ লগতে যৌথ সংগ্ৰাম সমিতিয়ে ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে ৰাজনৈতিক কোষ গঠন কৰাৰ ইংগিত দিয়ে। ইয়াৰ উপৰি ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ অসম চৰকাৰক সজোৰে দাবী জনায়।

ড. হিমন্ত বিশ্ব শৰ্মা

সংবাদমেলত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক শ্যামজিত ৰাভা, উপ-সভাপতি প্ৰদীপ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী হিমা ৰাভা, নিখিল ৰাভা সাহিত্য সভাৰ সম্পাদক ৰাজকুমাৰ ৰাভা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি মহীধৰ ৰাভা, নিখিল ৰাভা জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক গোপাল কৃষ্ণ ৰাভাৰ লগতে ৰাভা জাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।