ৰাভা হাছঙত নিষিদ্ধ হ’ব বিজেপি: আৰছু

ৰাভা হাছঙত নিষিদ্ধ হ’ব বিজেপি: আৰছু

October 20, 2020 0 By NEWS DESK

নৱজিৎ শৰ্মা। ৰাভা হাছঙত নিষিদ্ধ হ’ব বিজেপি!

বিজেপি দলে মিত্ৰতা সত্বেও প্ৰতাৰণা কৰিলে ৰাভা জনগোষ্ঠীৰ সংগঠনসমূহক।

প্ৰতিশ্ৰুতি দিও পূৰণ নকৰিলে ষষ্ঠ অনুসূচীৰ দাবী।

সেয়ে অচিৰেই ৰাভা হাছঙত নিষিদ্ধ হ’ব বিজেপি।

এই‌ মন্তব্য আগবঢ়ায় নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খাণ্ডাই।

ৰাভা জাতীয় ছয় সংগঠনৰ আহ্বানত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিকৰণৰ দাবীত পলাশবাৰীৰ বৰদুৱাৰ – ভোলাগাঁও আঞ্চলিকৰ বিভিন্ন ৰাভা সংগ্ৰামী সংগঠনৰ উদ্যোগত লোহাৰঘাটত অনুষ্ঠিত হয় এক বৃহৎ জনজাগৰণ সভা।

এই সভাত ভাষণ প্ৰসংগত আৰছুৰ সভাপতি নৃপেন খাণ্ডাই কয় যে ৰাভা জনগােষ্ঠীৰ অসীমাংসিত সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ বাবে ২੦১৬ত বিজেপিৰ সৈতে মিত্ৰতা হৈছিল।

নৃপেন খান্দা

কিন্তু এই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ সলনি বিজেপি চৰকাৰে ASCRDA আইন জাপি দি জনজাতীয় গাঁও সমূহ পৰিষদ এলেকাৰ পৰা আঁতৰাই আনিবলৈ অপচেষ্টা চলাইছিল।

বিজেপি দলে এনে ৰাভা বিৰােধী কামকাজ বন্ধ কৰি দাবীসমূহ পূৰণ নকৰিলে অচিৰেই পৰিষদ এলেকাত নিষিদ্ধ হ’ব এই দলৰ সকলাে কাৰ্যসূচী।

উপস্থিত স্থানীয় লােক

আনকি স্ব-জাতিৰ বিজেপি কৰ্মীসকলকাে দলত্যাগ কৰিবলৈ আহ্বান জনােৱা হ’ব।

উল্লেখ্য যে উক্ত সভাখনত ARSU ৰ সভাপতি নৃপেন খাণ্ডা, SSDC ৰ উপ-সভাপতি ইন্দ্ৰেশ্বৰ ৰাভা, SSDC ৰ সম্পাদক শুক্ৰ চিনাল, BBARSU ৰ সভাপতি কমলেশ্বৰ ৰাভা, বৰদুৱাৰ জিলা পৰিষদৰ সদস্যা তনুজা ৰাভা, BBSSDC সভাপতি ধনঞ্জয় ৰাভা, BBARWC ৰ সভানেত্ৰী বাসন্তি ৰাভাৰ লগতে অন্যান্য বহুতো বিষয়ববীয়া আৰু বৃহত্তৰ অঞ্চলবাসী ৰাইজ।