ৰামৰ মূৰ এটা আছিল কিন্তু ৰাৱনৰ দহটা, সেইবুলি ৰামক হৰুৱাব পাৰিছিল নেকিঃ হিমন্ত বিশ্ব!

ৰামৰ মূৰ এটা আছিল কিন্তু ৰাৱনৰ দহটা, সেইবুলি ৰামক হৰুৱাব পাৰিছিল নেকিঃ হিমন্ত বিশ্ব!

October 17, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ দিন চমূ চপাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত।

কংগ্ৰেছেও ২১ত গাদী দখলৰ লক্ষ্যৰে মহাজোঁট বন্ধনেৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰিছে।

কিন্তু কংগ্ৰেছৰ এই মহাজোঁট বন্ধনক তীব্ৰ সমালোচনা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

চৰকাৰী কার্যসূচীৰে শুকুৰবাৰে শিৱসাগৰত উপস্থিত হোৱা মন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ প্রশ্নৰ উত্তৰত কংগ্রেছৰ মহাজোঁট গঠনৰ বিপৰীতে বিজেপিৰ ভোট বাঢ়িব বুলিহে মন্তব্য কৰে৷

তেওঁ কয় যে, চি পি আই–চি পি এম এই দলবোৰ ক’ত আছে? এইবোৰ দল উঠাই আনি এতিয়া ৰিপুণ বৰাই সংখ্যা বঢ়াব বিচাৰিছে৷ মহাভাৰতৰ যুদ্ধতো অক্ষৌহিনী সেনাৰ সংখ্যা আছিল৷ কিন্তু সংখ্যাৰেতো কাম নহয়৷ যিমান দল আনিব, সিমানেই খেলিমেলি লাগিব৷ ইয়াৰ বিপৰীতে আমাৰ ভোট বাঢ়িব৷

লগতে তেওঁ কয়- ‘যিবোৰ দল ইতিমধ্যে পাহৰণিৰ গর্ভত বিলীন হৈ গৈছে, সেই দলবোৰক মাতি আনি মিত্রগোষ্ঠী বনাই–সংখ্যা বঢ়াই কি লাভ আছে? ৰামৰ মূৰ এটা আছিল৷ কিন্তু ৰাৱণৰ মূৰ আছিল ১০টা৷ সেইবুলি ৰাৱণে ৰামক হৰুৱাব পাৰিছিল নেকি?’

আনহাতে বিত্তমন্ত্রীগৰাকীয়ে উজনিৰ আটাইকেইটা সমষ্টিয়েই বিজেপিয়ে দখল কৰিব বুলিও দাবী কৰে৷