ৰাম মন্দিৰৰ ভূমি পূজনত উপস্থিত থকা মুখ্য পুৰোহিতসহ আন ৫গৰাকীৰ দেহত কৰ’ণা !

ৰাম মন্দিৰৰ ভূমি পূজনত উপস্থিত থকা মুখ্য পুৰোহিতসহ আন ৫গৰাকীৰ দেহত কৰ’ণা !

August 13, 2020 0 By NEWS DESK

দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ ।

বৰ্তমানেও প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

এইবাৰ অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানত উপস্থিত থকা মন্দিৰৰ মুখ্য পুৰোহিত মোহিত নৃত্য গোপালকে ধৰি আন পাঁচগৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ ।

উল্লেখ্য যে, আগষ্টৰ ৫ তাৰিখে উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একেলগে মঞ্চত উপস্থিত থকা ৰাম মন্দিৰৰ মুখ্য পুৰুহিতকে ধৰি আন কেইবাগৰাকী ভি ভি আই পিৰ দেহতো ধৰা পৰিছে মাৰাত্মক কৰ’ণাৰ অৱস্থিতি ।

আনহাতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ৰাজ্যপাল আনন্দিবেন পেটেল, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য উপদেষ্টাৰ দেহতো ক’ৰোণাৰ উপস্থিতি। 

 ৰাম মন্দিৰ নিৰ্মাণৰ ভূমিপূজনৰ পিছতেই উত্তৰ প্ৰদেশৰ এই ঘটনাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাম জন্মভূমিত।