Site icon NEWS8 NE

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰচনা প্ৰতিযােগিতাত উজলিল অসমৰ ছাত্ৰী ছানিয়া, প্ৰধানমন্ত্ৰীয়ে কৰিলে পুৰস্কৃত

নিউজ ডেস্ক। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰচনা প্ৰতিযােগিতাত সফলতা অসমৰ ছাত্ৰী ছানিয়া ডেকাৰী।

তিনিচুকীয়াৰ হিজুগুৰিৰ লংকেশ্বৰ গোহাঁই নগৰ নিবাসী ৰাজু ডেকাৰী আৰু পাপৰি ডেকাৰীৰ কন্যা আৰু তিনিচুকীয়াৰ বাডিং বাৰ্ডছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ছানিয়া।

উল্লেখ্য যে ‘সতর্কতা জাগৰণ সপ্তাহ’ উপলক্ষে কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ আৰু কেন্দ্রীয় সতর্কতা আয়োগে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰিছিল ৰচনা প্ৰতিযােগিতা।

এই প্ৰতিযােগিতাত দেশৰ ভিতৰত শীৰ্ষ পাঁচগৰাকী প্ৰতিযােগীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয় ছানিয়া।

যোৱা ৩ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈকে দেশজুৰি অনুষ্ঠিত এই ৰচনা প্রতিযোগিতাৰ শীৰ্ষক আছিল ‘কৰাপচন ফ্রী ইণ্ডিয়া ফৰ এ ডেভেলপড নেচন’।

এই প্ৰতিযােগিতাত সৰ্বমুঠ ৭.৬৫ লাখ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।

যোৱা ৩ নৱেম্বৰত ৰাজধানী দিল্লীত অনুষ্ঠিত এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰে ছানিয়াই।

এটা স্মাৰক আৰু এখন প্রশস্তিপত্ৰৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র বিজয়ী প্রতিযোগী ছানিয়া ডেকাৰীক সন্মানিত কৰে।

Exit mobile version