ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা অযোগ্য ব্যক্তিৰ নাম কৰ্তন কৰিবলৈ নিৰ্দেশ NRC কৰ্তৃপক্ষৰ!

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা অযোগ্য ব্যক্তিৰ নাম কৰ্তন কৰিবলৈ নিৰ্দেশ NRC কৰ্তৃপক্ষৰ!

October 15, 2020 0 By NEWS DESK

দেশজুৰি অব্যাহত আছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বিতৰ্ক।

ইয়াৰ মাজতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কৰ্তৃপক্ষই অযোগ্য ব্যক্তি সকলৰ নাম NRCৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

১৩ অক্টোবৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অসমৰ সমন্বয়ক হিতেশ দেব শৰ্মাই অধিকাৰী সকলক এন আৰ চিৰ পৰা অযোগ্য ব্যক্তিৰ নাম কৰ্তন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

মঙলবাৰে শৰ্মাই ৰাজ্যৰ জিলা উপায়ুক্ত আৰু নাগৰিক পঞ্জীৰ জিলা পঞ্জীয়কলৈ প্ৰেৰণ কৰা পত্ৰত এই কথা উল্লেখ কৰা হৈছে।

তেওঁ কয় যে, ‘ৱেবফৰ্মৰ মাধ্যমেৰে আপোনাৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি ঘোষিত বিদেশী , ডি ভোটাৰচ (Doubtful Voters), পি এ এফ টি এচ(PFTs) শ্ৰেণীৰ অযোগ্য লোক আৰু তেওঁলোকৰ পৰিয়ালৰ কিছু নাম এন আৰ চিত অন্তৰ্ভূৰ্ত হৈছে ।এই লোক সকলক চিনাক্ত কৰি এন আৰ চিৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে।’

উল্লেখ্য যে বিগত বৰ্ষৰ ৩১ আগষ্টত অন্তিম এন আৰ চি প্ৰকাশ পাইছিল আৰু এই তালিকাৰ পৰা ১৯ লাখ লোকৰ নাম বাদ পৰিছিল।