ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা পৰামৰ্শদাতা কমিটীৰ বৈঠকত কি পৰামৰ্শ দিলে হিমা দাসে ?

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা পৰামৰ্শদাতা কমিটীৰ বৈঠকত কি পৰামৰ্শ দিলে হিমা দাসে ?

September 6, 2020 0 By NEWS DESK

গুৱাহাটীৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰামৰ্শদাতা কমিটীৰ প্ৰথমখন সভা।

পৰামৰ্শদাতা কমিটীৰ সদস্যসকলে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে কেনেকৈ অসমৰ শিক্ষা ক্ষেত্ৰ শক্তিশালী কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়ে।

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে গঠন কৰা পৰামৰ্শদাতা কমিটীৰ বৈঠকত উপস্থিত থাকে তাৰকা এথলীট হিমা দাস।

বৈঠকত ক্ৰীড়া, সাংস্কৃতিক, শিক্ষা আৰু সামাজিক ক্ষেত্ৰৰ লগতে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিশ্বজিৎ দৈমাৰী, শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীৰ উপৰি আন বহু কেইজন অতিথি।

হিমা দাসেও শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত ক্ৰীড়া বিষয় অন্তৰ্ভুক্তি আৰু ক্ৰীড়া ক্ষেত্ৰত খেলৰ বিকাশৰ কথা উল্লেখ কৰে।

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে অসমত গঠন কৰি দিয়া পৰামৰ্শদাতা কমিটীৰ প্ৰথমখন বৈঠকত অংশ লোৱাৰ বাবে গুৱাহাটীলৈ অহা হিমা দাসে দুদিন পিছতে পুনৰ পাটিয়ালালৈ উভতি গৈ অলিম্পিক গেমছত যোগ্যতা অৰ্জনৰ বাবে অনুশীলনত অংশ ল’ব।