ৰিয়েল হিৰ’! এইবাৰ ২০ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকক সংস্থাপন দি প্ৰশংসিত অভিনেতা চনু সুদ

ৰিয়েল হিৰ’! এইবাৰ ২০ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকক সংস্থাপন দি প্ৰশংসিত অভিনেতা চনু সুদ

August 25, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স। ক’ভিড-১৯ অতিমাৰীৰ সময়ত ভয়ংকৰ দুৰ্যােগৰ সন্মুখীন হােৱা দেশৰ হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকক স্ব-গৃহলৈ প্ৰেৰণ কৰি দেশ-বিদেশত প্ৰশংসিত হৈছে বলীউডৰ অভিনেতা চনু সুদ।

এইবাৰ তলাবন্ধত কৰ্ম সংস্থাপন হেৰুওৱা ২০ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকক নয়দাত অত্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিছে চনু সুদে।

উল্লেখ্য যে সম্পূৰ্ণ নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰব্ৰজিত শ্ৰমিকৰ মংগলৰ বাবে খৰছ কৰিছিল চনু সুদে।

যাৰ বাবে প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে ৰিয়েল হিৰ’ হৈ পৰিল অভিনেতাজন।

আনকি মুম্বাইৰ পৰা শিলচৰলৈও বিশেষ বিমানেৰে অসমলৈ শ্ৰমিকক ওভতাই পঠাইছিল চনুৱে।

এইবাৰ প্ৰবাসী ৰোজগাৰ আঁচনিৰ জৰিয়তে উত্তৰ প্ৰদেশৰ নয়দাত বস্ত্ৰ উদ্যোগত ২০ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকক সংস্থাপনৰ সুবিধা প্ৰদান কৰা বুলি ঘোষণা কৰিছে।

উল্লেখ্য যে অভিনেতাগৰাকীয়ে সংস্থাপন বিচৰা প্ৰব্ৰজিত শ্ৰমিকক সহায় কৰাৰ বাবে এপ এটি মুকলি কৰিছিল।

সেই এপৰ জৰিয়তেই শ্ৰমিকসকলৰ আহ্বানক সফল কৰিছে অভিনেতাগৰাকীয়ে।