নিউজ ডেস্ক। সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে কাছাৰ জিলাৰ লক্ষীপুৰৰ বনাঞ্চলিক বিষয়াক ঘােচ লােৱাৰ মুহূৰ্তত খেদি খেদি আটক কৰাৰ পিছত পুনৰ ভিজিলেঞ্চৰ জালত পৰিল এগৰাকী লাটমণ্ডল।
এইবাৰ কামৰূপ জিলাৰ নগৰবেৰাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালত চলিল দুৰ্নীতি নিবাৰকৰ অভিযান।
এগৰাকী লােকৰ পৰা কাম কৰি দিয়াৰ বিনিময়ত উৎকােচ লৈ নগৰবেৰা ৰাজহ চক্ৰৰ লাট মণ্ডল মদন নাথক আটক কৰে গুৱাহাটীৰ পৰা অহা ভিজিলেঞ্চৰ এটা অভিযানকাৰী দলে।
ইয়াৰ পিছতে লাট মণ্ডলজনক কাৰ্যালয়তে মাৰাথন জেৰা অব্যাহত ৰাখিছে অভিযানকাৰী দলটােৱে।
চৰকাৰী বিষয়া – কৰ্মচাৰী সকলৰ মাজত থকা দুৰ্নীতিৰ শিপা উঘালি পেলাবলৈ আমি অব্যাহত ৰাখিছোঁ বিশেষ অভিযান।।
— GP Singh (@gpsinghips) August 3, 2022
ইয়াৰেই আজি দ্বিতীয় অভিযানত কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ লাট মণ্ডল শ্ৰী মদন নাথক অবৈধ ধন ঘোঁচ হিচাপে গ্ৰহণ কৰি থাকোতে @DIR_VAC_ASSAM ৰ দ্বাৰা আটক কৰা হয়।।@CMOfficeAssam pic.twitter.com/6N4FAzLwix
এই কথা টুইট কৰি প্ৰকাশ কৰিছে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ মুৰব্বী জি পি সিঙে।
লগতে চাওকঃ
কাৰ্যালয়ত উৎকােচ লৈ ভিজিলেঞ্চৰ দলক দেখি পলায়ন কৰা ৰেঞ্জাৰক খেদি খেদি ধৰিলে অভিযানকাৰী দলে