ৰে’লে মহতিয়াই নিলে ৱেগ’ন আৰ বাহন, নিহত ৩

ৰে’লে মহতিয়াই নিলে ৱেগ’ন আৰ বাহন, নিহত ৩

September 20, 2020 0 By NEWS DESK

কামাখ্যা-যােগীঘােপা ৰে’লপথত অঘটন।

চলন্ত ৰে’লে মহতিয়াই নিলে যাত্ৰীবাহী ৱেগ’ন আৰ বাহন।

ঘটনাস্থলীতে নিহত হ’ল ৩ জন লােক।

বকােৰ নদীয়াপাৰা এলেকাত সংঘটিত হৈছে এই দুৰ্ঘটনাত।

দুৰ্ঘটনাগ্ৰস্ত ৱেগ’ন আৰৰ নম্বৰ হৈছেঃ AS-01DF-8398।

নিহত লােককেইজনৰ প্ৰকৃত পৰিচয় উদ্ধাৰ হােৱা নাই।

ঘটনস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাইছে আৰক্ষী তথা স্থানীয় লােকে।

জানিব পৰা মতে, বাহনখনে ৰে’লপথ অতিক্ৰম কৰিবলৈ লওঁতে ১২৩৬৯ নং গুৱাহাটী ৰপৰা বঙাইগাঁও অভিমুখী মালবাহী ৰেল এখনে মহতিয়াই নিয়ে।

থিতাতে নিহত হয় ছয়গাঁও সমষ্টিৰ হাতিশোলাপাম গাৱঁৰ এটা পৰিয়ালৰে তিনি সদস্য।

গুৰুতৰভাৱে আহত হয় পৰিয়ালটোৰ কনিষ্ঠ ছোৱালী।

মৃত ব্যক্তিসকল ক্ৰমান্বয়ে ড° আব্দুল জলিল(৪৬), পত্নী ছানিয়াৰা পাৰবিন (৪৪), জেষ্ঠ্য কন্যা আফৰিন চুলতানা, (১২) আৰু গুৰুতৰভাৱে আহত হয় কণিষ্ঠা কন্যা জন্নত ঝোহান চুলতানা (৫)।