Site icon NEWS8 NE

ৰে’লৰ খুন্দাত মৃত্যু হোৱা ৩ হাতীৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন পশু প্ৰেমীৰ

এক ব্যতিক্ৰম ঘটনা। সাধাৰণতে মানুহৰ মৃত্যু হলে আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। কিন্তু এইবাৰ জন্তুৰ বাবে আয়োজন কৰা হল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। অৰ্থাৎ ৰে’লৰ খুন্দাত মৃত্যু হোৱা হাতীৰ মৃত্যুত শোকাহত হৈ মংগলবাৰে তেনে অনুষ্ঠানৰ আয়োজন কৰে এজন পশুপ্ৰেমীয়ে।

এই ঘটনা তামিলনাডুৰ মাদুক্কাৰাইৰ নাভাক্কাৰাইৰ। আৰু এই অনুষ্ঠান আয়োজন কৰা লোকজন হ’ল ৰাজস্থানৰ বাসিন্দা বিকাশ মুনোটে (২৮)।

তেওঁ ৰামনগৰত দুচকীয়া বাহনৰ স্পেয়াৰ পাৰ্টছৰ ব্যৱসায় কৰে।

জানিব পৰা মতে, ২৬ নৱেম্বৰত মাদুক্কাৰাইৰ নাভাক্কাৰাইত ৰে’লৰ দ্বাৰা খুন্দাত তিনিটা হাতীৰ মৃত্যু হৈছিল।

হাতীৰ মৃত্যুত শোকাহত হৈ পৰে বিকাশ মুনোটে। সেয়েহে তেওঁ হাতীৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ তেওঁ ঐশ্বৰিক আশীৰ্বাদৰ বাবে সেই অনুষ্ঠানৰ আয়োজন কৰিছিল।

তেওঁ ট্ৰেকত মৃত্যু হোৱা হাতীৰ ফটো ৰাখিছিল আৰু জিলাখনৰ নেহৰু ষ্টেডিয়ামৰ ওচৰৰ এটা মন্দিৰত প্ৰাৰ্থনা কৰিছিল।

তেওঁ কয়, “কেৱল মই নহয়, সকলোৱে এই বাতৰিটোত দুখিত হৈছিল। মই অনুভৱ কৰোঁ যে হাতী এটা হেৰুওৱাটো পৰিয়ালৰ এজন সদস্যক হেৰুওৱাৰ দৰেই। জৈৱ-বৈচিত্ৰতা বজাই ৰখাত হাতীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে ধৰণৰ ঘটনা বন্ধ কৰিবলৈ ৰে’লৱে মাদুক্কাৰাই বন পৰিসৰত প্ৰতি ঘণ্টাত ৩০ কিলোমিটাৰ বেগত ৰে’ল চলাব লাগে।”

উল্লেখ্য যে বিকাশে ২০১৬ চনত কইম্বাটুৰৰ সাতটা বন পৰিসৰত স্বাস্থ্যজনিত সমস্যাত আঠটা হাতীৰ মৃত্যু হোৱাৰ পিছত একে ধৰণৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিল।

Exit mobile version