Site icon NEWS8 NE

কন্যা সন্তান জন্ম হোৱাৰ বাবেই পেট্ৰ’ল পাম্পৰ মালিকে গ্ৰাহকলৈ আগবঢ়ালে ‘বাম্পাৰ অফাৰ’!

নিউজ ডেস্ক। বৰ্তমান পেট্ৰলৰ দামে সৰ্বত্ৰে স্পৰ্শ কৰিলে চেঞ্চুৰী। কিন্তু তেনে সময়তে যদি আপুনি লাভ কৰে বিনামূলীয়া অতিৰিক্ত পেট্ৰল, তেন্তে সেইয়া নিশ্চয়কৈ এক আনন্দৰ খবৰ নহয়নে!

কথাটো আপোনাৰ মিছা যেন লাগিলেও কিন্তু সঁচা। এই বিনামূলীয়া পেট্ৰল আগবঢ়াইছে মধ্য প্ৰদেশৰ বেটুলৰ এজন পেট্ৰল পাম্প অপাৰেটৰে।

অৱশ্যে এইয়া কোনো উৎসৱৰ বাবে আগবঢ়োৱা অফাৰ নহয়।

এগৰাকী কন্যা সন্তান জন্ম হোৱাৰ বাবেই আগবঢ়োৱা হৈছে এই বিনামূলীয়া তেল। পেট্ৰল পাম্প অপাৰেটৰজনৰ ভতিজীৰ কন্যা সন্তান জন্ম হোৱাৰ বাবেই এই বিনামূলীয়া তেল আগবঢ়াইছে তেওঁ।

তেওঁৰ পেট্ৰল পাম্পত গ্ৰাহকক পেট্ৰলৰ বৰ্ধিত মূল্যৰ মাজতে ৫% ৰ পৰা ১০% লৈকে অতিৰিক্ত পেট্ৰল আগবঢ়াইছে। বৰ্তমান বৰ্ধিত মুদ্ৰাস্ফীতিৰ মাজত এই পেট্ৰল পাম্পত পোৱা অতিৰিক্ত পেট্ৰলে গ্ৰাহকসকলক কিছু সকাহ প্ৰদান কৰিছে।

সাধাৰণতে পুত্ৰ সন্তান জন্ম হলে পৰিয়াল তথা আত্মীয় যথেষ্ট সুখী হয়, তাৰ বিপৰীতে এনে কিছুমান লোক আছে যাৰ ঘৰত কন্যা সন্তান জন্ম হলে সুখী অনুভৱ নকৰে। কিন্তু তাৰ ব্যতিক্ৰমো কিছুমান লোক আছে। যাৰ ঘৰত কন্যা সন্তান জন্ম হলে সুখী হয়।

সেই সকলৰ ভিতৰত অন্যতম বেটুলৰ এই পৰিয়ালটো। যাৰ ঘৰত নতুন সদস্য হিচাপে এগৰাকী কন্যা সন্তান জন্ম হয়। তেওঁলোকে নতুন অতিথিক আদৰণি জনাই তেওঁলোকৰ সুখত তেওঁলোকৰ পেট্ৰ’ল পাম্পলৈ অহা গ্ৰাহকসকলক অতিৰিক্ত পেট্ৰল আগবঢ়াইছে।

খবৰ অনুসৰি, বেটুলৰ ৰাজেন্দ্ৰ ছানানীৰ ভতিজী শিখাই ৯ অক্টোবৰত এটি কন্যা সন্তান জন্ম দিয়ে। তেওঁলোকৰ কন্যা সন্তানৰ জন্মত ছানানী পৰিয়াল যথেষ্ট সুখী হয়।

আৰু পৰিয়ালত কন্যাৰ জন্মৰ স্মৃতিত ছানানী পৰিয়ালে ১৩ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ পুৱা ৯ বজাৰ পৰা ১১ বজালৈ আৰু সন্ধিয়া ৫ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ তেওঁলোকৰ পেট্ৰল পাম্পত পেট্ৰল ক্ৰয় কৰা গ্ৰাহকসকলক অতিৰিক্ত পেট্ৰ’ল আগবঢ়ায়।

সেই অনুসৰি, ১০০ টকাৰ পেট্ৰলত ১০৫ টকা দিয়া হয়। আনহাতে ১০০ টকাৰ ওপৰত ৫০০ টকালৈকে পেট্ৰলত ১০% অতিৰিক্ত পেট্ৰল দিয়া হয়।

পেট্ৰল পাম্প অপাৰেটৰ ৰাজেন্দ্ৰ ছানানীয়ে কয় যে, “মোৰ পুত্ৰৰ জন্ম উদযাপন কৰো। কিন্তু মোৰ এজনী কন্যাৰ সৈতে ভতিজীও আছে৷ আমি গ্ৰাহকসকলৰ সৈতে সুখ শ্বেয়াৰ কৰিছো। আৰু ৩ দিনৰ বাবে দিনত কেইঘণ্টামান পেট্ৰল ক্ৰয় কৰা গ্ৰাহকসকলক অতিৰিক্ত পেট্ৰল দিয়া হয়”।

লগতে চাওকঃ

আপােনাৰ সাপ্তাহিক ৰাশিফল

প্ৰতি লিটাৰ পেট্ৰ’ল ১১৬.৮৮, ডিজেল ১੦৫.৯৯ টকা! দেশৰ কােন ঠাইত ইন্ধনৰ মূল্য সৰ্বাধিক?

Exit mobile version